নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ সাংবাদিকৰ পুতলা নাচৰ ভিডিঅ’লৈ ব্যাপক সঁহাৰি

নিয়মীয়া বার্তা, ২৩ এপ্রিলঃ ক’ৰোনাৰ সজাগতাৰ বাবে ওদালগুৰিত নাট্যকর্মী–সাংবাদিক ব্যতিক্রমী প্রয়াস পুতলা নাচৰ ভিডিঅ’ আৰু একক অভিনয়ৰ নাট প্রস্তুত কৰি ৰাইজক সজাগ কৰি সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক সঁহাৰি ৷ সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছৰ সংক্রমণে মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সময়তে ওদালগুৰিৰ সাংবাদিক তথা নাট্যকর্মী ৰাম উপাধ্যায়ে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে গ্রামাঞ্চলৰ লোক তথা শিশুসকলৰ মাজত সজাগতা সৃষ্টিৰ ব্যতিক্রমী পদক্ষেপ চলাইছে ৷ পুতলা নাচৰ ভিডিঅ’ প্রস্তুত কৰি শিশুসকলক ঘৰত বহি সুৰক্ষিত হ’বলৈ আহ্বান জনোৱাৰ লগতে অনাৱশ্যক কাৰণত ৰাজহুৱা স্থানত ভিৰ কৰা লোকক সজাগ কৰিবলৈ তথা সামাজিক দূৰত্ব বজাই নিজৰ কাম কৰি লৈ একক অভিনয়ৰ নাট প্রস্তুত কৰি ৰাইজক সজাগ কৰিছে ৷

বিশেষকৈ গ্রামাঞ্চলত অৱস্থিত বেংকৰ গ্রাহক সেৱা কেন্দ্রসমূহত ভিৰ কৰা গ্রাহকসকলক সজাগ কৰিবলৈ সাংবাদিক তথা নাট্যকর্মীগৰাকীয়ে এনে পদক্ষেপ গ্রহণ কৰা দেখা গৈছে ৷ ওদালগুৰিৰ ‘নিউজ লাইভ’ আৰু ‘নিয়মীয়া বার্তা’ৰ সাংবাদিক তথা নাট্যকর্মী ৰাম উপাধ্যায়ে ক’ৰোনা ভাইৰাছৰ ভয়াৱহতা সন্দর্ভত প্রস্তুত কৰা ‘ক’ৰোনা ৱাৰিয়ৰ’ শীর্ষক একক অভিনীত চুটি নাটখনে সামাজিক মাধ্যমত ব্যাপক সমাদৰ লাভ কৰিছে ৷ নাটখনৰ মাধ্যমেৰে সাংবাদিক তথা নাট্যকর্মী উপাধ্যায়ে অতি সহজ আৰু সৰল ভাষাৰে ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ কথা ব্যক্ত কৰাৰ লগতে সাৱধানতাই এই ভাইৰাছৰ সংক্রমণ ৰোধৰ একমাত্র উপায় বুলি স্পষ্ট বার্তা প্রদান কৰিছে ৷ আমেৰিকাত নার্ছ হিচাপে কর্মৰত অভিনেতাৰ ভগ্নী এগৰাকী ক’ৰোনা ৰোগীৰ চিকিৎসা কৰি নিজে ক’ৰোনা আক্রান্ত হোৱা খবৰত মর্মাহত হোৱা অভিনেতাজনে পিপিই কিটসদৃশ এযোৰ সাজ পিন্ধি আৰু কঁকালৰ চাৰিওফালে প্রায় ডেৰ মিটাৰ দৈর্ঘ্যৰ বাঁহৰ জপনা লগাই ক’ৰোনাৰ ভয়াৱহতাৰ খবৰ বিলাই থকাৰ সময়তে ক’ৰোনাত আক্রান্ত হোৱা ভগ্নীৰ বিয়োগৰ খবৰ লাভ কৰে ৷

ক’ৰোনাৰ বিৰুদ্ধে চিকিৎসা অব্যাহত ৰাখি অৱশেষত ক’ৰোনাত আক্রান্ত হৈয়ে মৃত্যুক সাবটি লোৱা ভগ্নীক বীৰ ক’ৰোনা যোদ্ধা হিচাপে নাটকত শ্রদ্ধাঞ্জলি অর্পণ কৰি ৰাইজক পুনৰ সজাগ কৰিছে ৷ স্বাস্থ্যখণ্ডত বিশ্বত শ্রেষ্ঠ আমেৰিকা এতিয়া ক’ৰোনাৰ বিৰুদ্ধে পৰাস্ত হৈছে৷ সেয়েহে সজাগতা আৰু সচেতনতাই ক’ৰোনাৰ সংক্রমণ ৰোধৰ একমাত্র উপায় ৷ ইয়াৰ মাজতে একাংশ ধর্মান্ধ লোক আৰু ক্ষমতাৰ খঁকত অন্ধ লোকসকলকো তীব্র সমালোচনাৰে উদাত্ত সংলাপ প্রক্ষেপ কৰিছে৷ দেশজুৰি লকডাউন চলি থকাৰ সময়তে সাংবাদিক তথা নাট্যকর্মীগৰাকীয়ে প্রস্তুত কৰা এই হূদয়স্পর্শী নাটকৰ ভিডি’ ফেচবুক, ইউটিউব আদি সামাজিক মাধ্যমৰ জৰিয়তে প্রচাৰৰ লগতে সাংবাদিকগৰাকীয়ে সংবাদ পৰিৱেশন কৰিবলৈ যোৱাৰ সময়ত মানুহৰ ভিৰ দেখিলেই নাটকৰ উক্ত সাজ পিন্ধি তাৰ কিছু অংশ পৰিৱেশন কৰি গ্রামাঞ্চলৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছে৷ উল্লেখ্য যে বাল্যকালৰ পৰা নাটক–ভিনয়ৰ লগতে বিভিন্ন সাংস্কৃতিক–সাহিত্য কর্মৰ সৈতে জড়িত ওদালগুৰিৰ সংবাদকর্মী ৰাম উপাধ্যায়ে ইয়াৰ পূর্বেও এনে বহু চুটি নাট, বাটৰ নাট আদি ৰচনা কৰি বিষয়ৰ সজাগতা সৃষ্টিৰ প্রয়াস চলাইছিল৷ গণ মাধ্যমৰ আটাইতকৈ শক্তিশালী মাধ্যম হিচাপে বিবেচিত নাটকৰ জৰিয়তে প্রেৰণ কৰা যিকোনো বার্তা সমাজৰ সকলো স্তৰৰ লোকৰ বাবে সহজ বোধগম্য হয় বাবেই এনে পদক্ষেপ গ্রহণ কৰা বুলি সাংবাদিকগৰাকীয়ে সদৰী কৰিছে৷

You might also like