নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঔৰংগজেব নহয়, ৰামসিংহৰ বিৰুদ্ধে যুঁজিব অজাপই

নিয়মীয়াবার্তা,২৮ অক্টোবৰঃ ৰাষ্ট্রীয় ঘাইপথৰ নির্মাণ সম্পূর্ণ কৰিব নোৱাৰা বিজেপি চৰকাৰে টোলগেটেৰ মাধমাৰ শোধাইছে সাধাৰণ জনতাক৷ ক’ৰোনাপৃষ্ট জনতাক টোলৰ বোজা জাপি দি চৰকাৰে সংগ্রহ কৰিছে নির্বাচনী পুঁজি৷ অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ’লে বন্ধ কৰি দিয়া হ’ব ৰাজ্যৰ সকলো টোলগেট৷ আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তর্গত পুঠিমাৰীত অসম জাতীয় পৰিষদৰ সমন্বয়ক অদীপ কুমাৰ ফুকনে এই প্রতিশ্রুতি দিয়ে৷ আনহাতে, সমগ্র ৰাজ্যজুৰি বিজেপিয়ে ছিণ্ডিকেটৰাজ

আৰম্ভ কৰাৰ অভিযোগ তুলি ফুকনে ছিণ্ডিকেটৰ বিৰুদ্ধে এইবাৰ অসমৰ ৰাইজে মাৰবান্ধি ভোট প্রদান কৰিব বুলিও তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷পুঠিমাৰীত অসম জাতীয় পৰিষদৰ কামৰূপ জিলাৰ আহ্বায়ক সমিতি গঠন আৰু যোগদান কার্যসূচীত অংশগ্রহণ কৰি ফুকনে ভাষণ প্রসংগত বিজেপি চৰকাৰ সর্বদিশত বিফল বুলি দাবী কৰি বিজেপি চৰকাৰৰ আমোলত নিবনুৱাৰ সংখ্যা ১৮ হাজাৰৰ পৰা ২৭ হাজাৰলৈ বৃদ্ধি, ঔদ্যোগিক কৰিড’ৰ নির্মাণৰ নামত শ শ বিঘা কৃষিভূমি পানীৰ দৰত বহিৰাগত বণিয়াক অর্পণ কৰা, বন্ধ হৈ থকা ৰাজহুৱা উদ্যোগসমূহ মুকলি কৰাৰ পৰিৱর্তে ৪২ হাজাৰ সৰু–বৰ উদ্যোগ বন্ধ হোৱা, ঋণৰ বোজা ৩৫ হাজাৰৰ পৰা ৪৫ হাজাৰলৈ বৃদ্ধি কৰাৰ প্রসংগ উনুকিয়াই চৰকাৰক সমালোচনাৰে থকা–সৰকা কৰে৷

অসমত কংগ্রেছ আৰু সহযোগী শক্তি, বিজপি আৰু সহযোগী শক্তি আৰু আঞ্চলিকতাবাদ নামেৰে তিনিটা ৰাজনৈতিক ধাৰা থকাৰ কথা উল্লেখ কৰি অদীপ ফুকনে এজেপি দলে আগন্তুক নির্বাচনত কোনো ৰাষ্ট্রীয় দলৰ লগতে মিত্রতা নকৰে বুলিও স্পষ্ট কৰি দিয়ে৷ অনুষ্ঠানত অন্য এগৰাকী সমন্বয়ক জগদীশ ভূঞাই অসম গণ পৰিষদ পথচ্যুত হৈছে, কক্ষচ্যুত হৈছে বুলি তীব্র সমালোচনা কৰে৷ অসম চুক্তিৰ আধাৰত অসম গণ পৰিষদ দলৰ জন্ম হৈছিল৷

’৭১ চনৰ পিছত অহা বিদেশী খেদি পঠিওৱাৰ চুক্তিতে অসম গণ পৰিষদৰ জন্ম হৈছিল৷ কিন্তু সেই অসম গণ পৰিষদ দলে বিজেপিৰ লগত থাকি ২০১৪ চনলৈকে বিদেশী আনিব লগীয়া প্রক্রিয়াত সমর্থন আগবঢ়াইছে৷ এয়া জাতিৰ বাবে দুর্ভাগ্যজনক আখ্যা দিয়ে ভূঞাই৷ জাতি আমাৰ প্রথম পৰিচয়, ধর্ম দ্বিতীয় বুলি মন্তব্য কৰি জগদীশ ভূঞাই এইবেলি নির্বাচনত ঔৰংগজেবৰ বিৰুদ্ধে নহয় ৰামসিংহৰ বিৰুদ্ধে যুদ্ধ হ’ব বুলিও তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ বিজেপি চৰকাৰৰ পৰিৱর্তনৰ বতাহজাক ধুমুহা হৈ অসমীয়া জাতিক তচনচ কৰাৰো অভিযোগ উত্থাপন কৰে সমন্বয়কগৰাকীয়ে৷ ইফালে, মিঞা সংগ্রহালয় স্থাপন সম্পর্কে সোধা এটা প্রশ্ণৰ উত্তৰত শ্বেৰমান আলী আৰু বিজেপিৰ গোপন বুজাবুজি থকা বুলিও মন্তব্য আগবঢ়ায় জগদীশ ভূঞা আৰু অদীপ কুমাৰ ফুকনে৷ অসম বিধানসভাৰ ১২৬খন আসনতে এজেপি দলে প্রার্থিত্ব আগবঢ়াব বুলিও মন্তব্য কৰে জগদীশ ভূঞাই৷

You might also like