ধুবুৰীত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। গদাধৰ নৈৰ পানীত ভৰি পিছলি পৰি ডুব যোৱাৰ ফলত এগৰাকী উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰীৰ মৃত্যু হৈছে।
মৃত ছাত্ৰীগৰাকীৰ নাম অক্ষৰা গোৱালা। তেওঁ ধুবুৰী চহৰৰ ১নং ৱাৰ্ডৰ মেলাঘাট অঞ্চলৰ বাসিন্দা। অক্ষৰা ৰামচন্দ্ৰ গোৱালা আৰু বীণা গোৱালাৰ কনিষ্ঠ কন্যা আছিল। তেওঁ ধুবুৰীৰ শিশু পাঠশালা বিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা শাখাত অধ্যয়ন কৰি আছিল।
জানিব পৰা মতে, আজি পুৱা প্ৰায় ১০:৩০ বজাত নিজ বাসগৃহৰ সন্মুখেৰে বৈ যোৱা গদাধৰ নৈত ভৰি পিছলি পানীত পৰি ডুব যায় অক্ষৰা।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে SDRF ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰায় ডেৰ ঘণ্টা ধৰি চলা অভিযানৰ অন্তত বাহিনীটোৱে অক্ষৰাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
এই শোকাৱহ ঘটনাই ধুবুৰী অঞ্চলত গভীৰ শোকৰ সৃষ্টি কৰিছে। স্থানীয় লোকসকলে মৃত ছাত্ৰীগৰাকীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
ডিজিটেল ডেস্ক, ২৪ জুলাই