নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঁহৰাত কাজিৰঙা উৎসৱ ২০২০ৰ লাইখুঁটা স্থাপন

ৱাইল্ড লাইফ ফটোগ্রাফী প্রদর্শনীৰ আয়োজন

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ কাজিৰঙা পর্যটন উদ্যোগটোক নতুন মাত্রা দিয়াৰ উদ্দেশ্যে অহা ১২ মার্চৰ পৰা ১৫ মার্চলৈকে চাৰিদিনীয়া বর্ণাঢ়্য কার্যসূচীৰে কঁহৰাত অনুষ্ঠিত হ’ব কাজিৰঙা উৎসৱ ২০২০৷ বোকাখাত মহকুমা প্রশাসনৰ উদ্যোগত গোলাঘাট জিলা প্রশাসন, বন বিভাগ, পর্যটন বিভাগ আৰু কৃষি বিভাগৰ সহযোগত এই উৎসৱ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে ডিচেম্বৰ আৰু জানুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্র প্রতিবাদ–আন্দোলনৰ বাবে কাজিৰঙা পর্যটন উদ্যোগটো স্থবিৰ হৈ পৰিছিল৷ ফলত কাজিৰঙাৰ পর্যটনৰ সৈতে জড়িত ৯০ শতাংশ স্থানীয় শিক্ষিত নিবনুৱা যুৱক–যুৱতী তথা জীপ ছাফাৰী সন্থাৰ সদস্যসকলে মূৰে–কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ পুনৰ কাজিৰঙালৈ দেশী–বিদেশী পর্যটকৰ আগমন বৃদ্ধি কৰাৰ উদ্দেশ্যে চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব কাজিৰঙা উৎসৱ ২০২০৷ সোমবাৰে কঁহৰাত অৱস্থিত কাজিৰঙা জীপ ছাফাৰী সন্থাৰ কার্যালয়ৰ সন্মুখত থকা খেলপথাৰত কাজিৰঙা উৎসৱৰ লাইখুঁটা স্থাপন কৰে স্থানীয় বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰাই৷ বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ কুমাৰ গগৈ, মহকুমা আৰক্ষী বিষয়া ডাঃ কল্যাণ দাস, উপ–বন সংৰক্ষক প্রদীপ বার্মা, খডগ সিং ডেকাৰজা আদিৰ উপস্থিতিত বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰাই আনুষ্ঠানিকভাৱে নাৰিকল ভাঙি লাইখুঁটা স্থাপন কৰে৷ আনহাতে, উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত বলীউডৰ শিল্পীয়ে গীত পৰিৱেশন কৰাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে মহকুমাধিপতি বিবেক শ্যামে৷ সোমবাৰে কাজিৰঙা উৎসৱৰ লাইখুঁটা স্থাপন কৰাৰ পিছত বোকাখাতৰ মহকুমাধিপতি তথা কাজিৰঙা উৎসৱ উদ্যাপন সমিতিৰ সম্পাদক বিবেক শ্যামে জানিবলৈ দিয়া মতে, এই উৎসৱৰ লগত সংগতি ৰাখি ৱাইল্ড লাইফ ফটোগ্রাফী প্রদর্শনী, কৃষি–উদ্যান শস্য মেলা, থলুৱা খেল–ধেমালি প্রতিযোগিতাৰো আয়োজন কৰা হ’ব৷ দেশৰ বিশিষ্ট প্রকৃতিবিদ তথা পক্ষী বিশেষজ্ঞৰ উপস্থিতিত কাজিৰঙাৰ পক্ষীকুল আৰু কাজিৰঙাৰ জৈৱ–বৈচিত্র্যৰ ওপৰত আলোচনা–চক্র, বিশিষ্ট পক্ষী নিৰীক্ষকৰ তত্ত্বাৱধানত পক্ষী নিৰীক্ষণ, কাজিৰঙা উৎসৱ–২০২০ৰ ওপৰত ফটোগ্রাফী প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ আনহাতে, নিমন্ত্রিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান, মুকলি কবিতা পাঠ অনুষ্ঠান, চুটি নাট প্রদর্শন, চাইকেল ট্যুৰ, কাজিৰঙাৰ দাঁতিকাষৰীয়া দেওপাহাৰ আৰু কাঁকচাং পর্যটনস্থলীলৈ ভ্রমণ, কাজিৰঙাৰ চুবুৰীয়া গাঁও আৰু চাহ বাগিচাসমূহত village walk’ তথা Tea walk’ আদিৰ লগতে ট্যুৰ অপাৰেটৰসকলৰ সন্মিলনো অনুষ্ঠিত হ’ব৷ কাজিৰঙা উৎসৱ ২০২০–এ কাজিৰঙালৈ অহা পর্যটকসকলক আৰু আধিক আকর্ষিত কৰাৰ লগতে কাজিৰঙাৰ জৈৱ–বৈচিত্র্য তথা অঞ্চলটোৰ জন্তু–মানুহৰ শান্তিপূর্ণ সহাৱস্থানক বিশেষভাৱে আলোকপাত কৰিব বুলি মহকুমাধিপতিয়ে মত প্রকাশ কৰিছে।

You might also like