নিয়মীয়া বার্তা, ২৮ জুনঃ ‘ভাৰতবর্ষৰ শাসনৰ বাঘজৰী ভাৰতীয় জাতীয় কংগ্রেছৰ হাতলৈ পুনৰ ঘূৰি অহাটো একপ্রকাৰ কঠিন হৈ পৰিছে৷ দেশৰ প্রতিভাৱান নতুন প্রজন্মৰ হাতত দলৰ নেতৃত্ব দিলেহে হয়তো কংগ্রেছ দলৰ সুদিনবোৰ ঘূৰি অহাৰ সম্ভাৱনা আছে৷ ইয়াৰ বাবে দলে সময়সাপেক্ষে কঠোৰ সিদ্ধান্ত লোৱাৰ প্রয়োজন আছে৷’ ৯৭ বছৰ গৰকা দক্ষিণ কামৰূপৰ প্রবীণ গান্ধীবাদী তৰুণ গোস্বামীয়ে আজি ‘নিয়মীয়া বার্তা’ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এনেদৰে মন্তব্য কৰে৷ আজীৱন কংগ্রেছ দলৰ নীতি–আদর্শেৰে পৰিচালিত অশীতিপৰ গান্ধীবাদী নাগৰিকজনে দেশৰ শিক্ষিত নতুন প্রজন্মক ৰাজনীতিলৈ আনি সংকীর্ণতাৰ বিপৰীতে বহল দৃষ্টিভংগীৰে দেশ গঢ়াৰ কামত ব্রতী কৰাবলৈ সকলো পক্ষলৈ আহ্বান জনায়৷ সমাজৰ সকলো শ্রেণীৰ মানুহৰ সম–উন্নয়ন আৰু সম–বিকাশৰ প্রতি গুৰুত্ব দিবলৈও তেওঁ দেশৰ শাসনকর্তাসকললৈ আহ্বান জনায়৷
মহাত্মা গান্ধীৰ গ্রাম্য স্বৰাজ আদর্শৰ প্রতি বর্তমান চৰকাৰে যথোচিত মর্যাদা দিলেহে গ্রাম্য অর্থনীতি সবল হ’ব বুলি গোস্বামীয়ে মন্তব্য কৰে৷ ৰামপুৰৰ সমীপৱর্তী গোসাঁই মেধিপাৰাৰ গৃহত বর্তমান অসুস্থ হৈ থকাৰ খবৰ পাই গান্ধীবাদী বিশিষ্ট নাগৰিকজনক খবৰ ল’বলৈ যোৱাৰ সময়ত ‘নিয়মীয়া বার্তা’ৰ এই প্রতিনিধিৰ আগত এই মন্তব্য আগবঢ়োয়৷ পত্নী অৱসৰী শিক্ষয়িত্রী শৈল্যবালা গোস্বামীৰ সৈতে গোসাঁই মেধিপাৰাৰ ঘৰত দৈনন্দিন বাতৰিকাকত পঢ়ি আৰু ৰেডি’ শুনি পাৰ কৰা সমাজৰ শুভচিন্তক এইজনা বিশিষ্ট ব্যক্তিৰ তিনিজন পুত্র বেলেগ বেলেগ কর্মক্ষেত্রত বিশেষভাৱে প্রতিষ্ঠিত৷ দেশ–দহৰ মংগল চিন্তা বুকুৰ মাজত লৈ ফুৰা গোস্বামীৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু জীৱন কামনা কৰিলোঁ৷