নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছৰ দিনত নিৰ্মিত মাৰ্ঘেৰিটাৰ এটা পানী যোগান কেন্দ্ৰ এতিয়া ভালুকৰ সাঙিত পৰিণত.. খাবলৈ নাই বিশুদ্ধ খোৱা পানী

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ১নং আলুবাৰীত কেইবাখনো গাওঁক সামৰি ২০০৯ চনতে নিৰ্মাণ হৈছিল জনস্বাস্থ্যকাৰী বিভাগৰ বিশুদ্ধ খোৱা পানী যোগান আঁ‌চনি৷ কৰ্ম সংস্থাপনৰ আশাত ১ নং আলুবাৰীৰ নাগেন্দ্ৰ শ্বাহ নামৰ ব্যক্তিজনে উক্ত পানী যোগান আঁচনিৰ কেন্দ্ৰটো নিৰ্মাণ কৰিবৰ বাবে মাটি চৰকাৰক প্ৰদান কৰিছিল৷ সেই সময়ৰ মাৰ্ঘেৰিটাৰ বিধায়ক তথা মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে উক্ত মাটিৰ ক্ষতিপুৰণ দিয়াৰ লগতে মাটিৰ মালিকক এটা চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু আজি প্ৰায় এঘাৰটা বছৰ পাৰ হোৱাৰ পাছত লোক জনে চৰকাৰৰ পৰা নাপালে সামান্য এটা চাকৰি৷ ক্ষতিপূৰণ হিচাবে নাপালে এটা ফুটা কঢ়িও৷ তদানিন্তন কংগ্ৰেছ চৰকাৰৰ দিনতেই ২০০৯ চনতে নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈ কিছু দিন ৰাইজে বিশুদ্ধ খোৱাপানীৰ সুবিধা লাভ কৰিছিল যদিও বিগত প্ৰায় কেইবা বছৰৰ পৰা বন্ধ হৈ আছে পানী যোগান কেন্দ্ৰটো, যাৰ ফলত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে ৰাইজে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷ কেইবা লক্ষাধিক টকাৰে নিৰ্মাণ কৰা পানী যোগান আঁ‌চনিখন পুনৰ কাৰ্যক্ষম কৰি বিশুদ্ধ খোৱা পানী যোগান দিবৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।

You might also like