কইনা নহয়, এইবাৰ পলাল দৰা!
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বিয়াৰ প্ৰস্তুতি তুংগত। কোন আহিব, ক’ত বহিব, দৰা কেতিয়া আহিব? কইনাঘৰীয়াৰ গা সাতখন-আঠখন। এজনী ছোৱালীৰ জীৱনৰ এক অপূৰ্ব সময় এয়া…। জীৱনৰ কষ্টকৰ সময়! যিজন যুৱকৰ সৈতে হাতত হাত ধৰি যুগ্মজীৱনৰ সপোন দেখিছিল, সুখে দুখে এমুঠি খোৱাৰ প্ৰতিশ্ৰুতি দিছিল সেইজনেই যেতিয়া প্ৰতাৰক হয়…।
এনে ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ বদৰপুৰৰ কনকলস গাঁৱত। বিয়াৰ কেইঘণ্টামান পূৰ্বে খবৰ আহিল দৰা নাই, কৰিমগঞ্জৰ বজেন্দ্ৰ ৰোডৰ দৰা শুভাশিষ দাস নিখোজ। ক’লৈ গ’ল কোনেও নাজানে। বিয়াত বহাৰো বোলে মন নাই। কইনা ঘৰত হাহাকাৰ। আনন্দৰ পৰিবৰ্তে কান্দোনৰ ৰোল। কইনা ঘৰৰ সৈতে চুক্তি দৰা পক্ষৰ। যিহেতু কইনা ঘৰৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছিল গতিকে দৰাঘৰৰ লোকে ১.৫০ লাখ টকা দি সমগ্ৰ ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছে।