নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ আজি গোৱালপাৰা জিলাৰ পৰা ৩জন ৰোগীক ঘৰলৈ যাবলৈ অনুমতি স্বাস্থ্য বিভাগৰ। লোককেইজন ক্ৰমে কবীৰ উদ্দিন আহমেদ, ছাহাজান আলী আহমেদ, ইউচুফ আলী। ক’ৰোনা আক্ৰান্ত ৰোগী কেইজনক বুকুৰ এক্সৰে’সহ তিনিটা পৰীক্ষা কৰাৰ অন্তত এই অনুমতি স্বাস্থ্য বিভাগৰ। গোৱালপাৰাত সংবাদমেলযোগে এই কথা সদৰী কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকৰ গাত এতিয়া কোনোধৰণৰ বীজাণু নাই। সকলো লোকে তেওঁলোকক স্পৰ্শ কৰিব পাৰিব। খোৱা-বোৱাত কোনো ধৰণৰ বাধ্য বাধকতা নাই কিন্তু আজিৰে পৰা এই লোককেইজন সুৰক্ষাৰ বাবে ১৪দিনৰ পৰ্যবেক্ষণত থাকিব। আনহাতে সোণাপুৰ চিকিৎসালয়ৰ পৰাও মুকলি কৰি দিয়া হয় সুস্থ হৈ উঠা ক’ৰোনা আক্ৰান্ত দুজন ৰোগীক। এয়া অসমবাসীৰ বাবে নিশ্চয়কৈ এক ভাল খৱৰ বুলিও মন্তব্য মন্ত্ৰী ড০ শৰ্মাৰ।
আনহাতে বৰ্তমান চিকিৎসাধীন হৈ আছে ক’ৰোনা আক্ৰান্ত ২৬জন ৰোগী। গোলাঘাট আৰু গুৱাহাটীৰ পৰা প্ৰায় ১০জন ৰোগীক অতি শীঘ্ৰেই ঘৰলৈ যাবলৈ অনুমতি দিব স্বাস্থ্য বিভাগে। ২০ এপ্ৰিলৰ ভিতৰত প্ৰায় ৮০ শতাংশ ৰোগী হ্ৰাস পাব বুলিও সংবাদমেলত সদৰী কৰে মন্ত্ৰী ড০ শৰ্মাই।