কলা শাখাৰ প্ৰথম স্থান প্ৰাপ্ত পূৱালীয়ে ক’লে ‘মোৰ এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ মন’
নিয়মীয়া বাৰ্তা,২৫ জুনঃ উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম স্থানপ্ৰাপ্ত দৰঙৰ পাথৰিঘাটৰ পূবালী ডেকাৰ সাফল্যত আনন্দিত সকলো। ভৱিষ্যতে এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ মন পূবালী ডেকাৰ। যথেষ্ঠ কষ্ট কৰি অধ্যয়ন কৰিছিলো। দৈনিক প্ৰায় ১২-১৩ঘণ্টা অধ্যয়ণ কৰিছিলো। মোক বিদ্যালয়ৰ চাৰ-বাইদেউ সকলে যথেষ্ঠ সহায় কৰিছিল। মোৰ সফলতাৰ আঁৰত মোৰ মা-দেউতাৰ লগতে পৰিয়ালৰ প্ৰতিজনলোকে সহায় কৰিছিল বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মেধাবী ছাত্ৰীগৰাকীয়ে।
আজৰি সময়তে জীৱজন্তুৰ লগত সময় কটাই ভালপোৱা লগতে বোৱা-কটা কামত পাকৈত পূবালীৰ সফলতাত আনন্দিত দৰঙবাসী।