নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা অসমত সাময়িকভাৱে শিথিল হ’ব লক ডাউন

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ কাইলৈৰ পৰা অৰ্থাৎ বুধবাৰৰ পৰা অসমত কিছু পৰিমাণে শিথিল হ’ব লক ডাউন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশজুৰি লক ডাউন ঘোষণা কৰাৰ পিছত কিছু পৰিমাণে শিথিল কৰা ৰাজ্য হ’ব অসম। বুধবাৰৰ পৰা সাময়িকভাৱে শিথিল কৰা হ’ব লক ডাউন। বুধবাৰৰ পৰা ৰাজ্যৰ ৮০০খন চাহ বাগিচাত কেঁচা পাত উঠোৱাৰ কাম আৰম্ভ কৰা হ’ব। জিলা উপায়ুক্তৰ অনুমোদনত খোলা হ’ব চাহ বাগিচাসমূহ। জিলা উপায়ুক্তৰ অনুমোদনত মুকলি কৰি দিয়া হ’ব ধানৰ মিল, আটাৰ মিলকে ধৰি বিস্কুট ফেক্টৰী। গেলামালৰ দোকানৰ খোলাৰ সময়ো ইচ্ছা কৰিলে বৃদ্ধি কৰিব পাৰিব জিলা উপায়ুক্তই।
কেবিনেটৰ বৈঠকৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে আটছাকে ধৰি চাহ শ্ৰমিকে। প্ৰথমে চাহ শ্ৰমিকসকলক প্ৰয়োজনীয় সুৰক্ষা দিয়ক আৰু তাৰ পাছত কামত লগাওক, জীৱনতকৈ খেতি ডাঙৰ নহয় বুলি মন্তব্য় একাংশ লোকৰ।

You might also like