নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা মুকলি হ’ব ৰহাৰ টোলগেট

নিয়মীয়া বাৰ্তা, ২৯ ফেব্রুৱাৰীঃ দল–সংগঠনৰ প্রতিবাদক নেওচি অহা ১ মার্চত ৰহা টোলগেট মুকলি কৰিব ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে ৷ বিগত বর্ষতে ঘাইপথ প্রাধিকৰণ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা আলোচনামর্মে টোলগেটখন মুকলি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ আনকি ৰাজ্য চৰকাৰে এইক্ষেত্রত ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণক পূর্ণ সহযোগৰ আশ্বাস দি টোলগেটখন মুকলিৰ অনুমতি দিছিল ৷ সেইমর্মে ৰহা টোলগেটৰ মেৰামতি তথা অন্য আনুষংগিত দিশবোৰ সম্পূর্ণ কৰি ১ মার্চৰ পৰা ইয়াক কার্যকৰী কৰাৰ সিদ্ধান্ত লৈছে ঘাইপথ প্রাধিকৰণে ৷ ১ মার্চৰ পৰা টোলগেটখনেৰে অহা–যোৱা কৰা প্রতিখন বাহনে ভৰিব লাগিব মাচুল ৷ অর্থাৎ ১ মার্চৰ পৰা টোলগেটেৰে পাৰ হোৱা প্রতিখন চাৰিচকীয়া বাহনে যোৱাৰ বাবদ ৯৫ টকাকৈ আৰু অহা–যোৱাৰ বাবদ ১৪০ টকা ভৰিব লাগিব ৷ আনহাতে বাণিজ্যিক একোখন চাৰিচকীয়া বাহনে যোৱাৰ বাবদ ১৫০ টকা আৰু অহা–যোৱাৰ বাবদ ২২৫ টকা ভৰিব লাগিব ৷ আনহাতে বাছ আৰু ট্রাকে পাৰ হৈ যোৱাৰ বাবে ৩১৫ টকাকৈ আদায় দিব লাগে ৷ মন কৰিবলগীয়া যে ২০১৫ চনতে ৩৭নং ৰাষ্ট্রীয় ঘাইপথ আৰু ৩১নং ৰাষ্ট্রীয় ঘাইপথত টোলগেট মুকলি কৰিছিল যদিও ব্যাপক প্রতিবাদৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল ৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ সহযোগত ৰাজ্যৰ দহ স্থানত টোলগেট মুকলি কৰাৰ পদক্ষেপ গ্রহণ কৰে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে ৷ ইতিমধ্যে ৩০ জানুৱাৰীৰ পৰা বিজনী টোলগেট মুকলি কৰি মাচুল সংগ্রহ কৰি থকা হৈছে ৷

You might also like