কাইলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ধেমাজিৰ ঐতিহাসিক হাবুং
নিয়মীয়া বাৰ্তা, ৩০ জানুৱাৰীঃ কাইলৈ উদযাপিত হ’বলগীয়া টাই-আহোমসকলৰ পৰম্পৰাগত পৱিত্ৰ উৎসৱ মে-ডাম-মে-ফিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ধেমাজিৰ ঐতিহাসিক হাবুং। কাইলৈ পুৱা মুখ্যমন্ত্ৰী শৰ্মাই পুৱা ১০ বজাত এক মাংগলিক অনুষ্ঠানেৰে শুভাৰম্ভ কৰিব হাবুং। চাও-চেন-ৰেণত পূজা-অৰ্চনা কৰাৰ পিছতে দৰ্শনাৰ্থীলৈ মুকলি হ’ব হাবুং।স্বৰ্গদেও চাওলুং চ্যুকাফাৰ দ্বিতীয় ৰাজধানী খ্যাত ধেমাজিৰ হাবুঙত সম্প্ৰতি আটকধুনীয়াকৈ নিৰ্মাণ সম্পূৰ্ণ হৈছে উঠিছে সুউচ্চ চাও-চেন-ৰেং, হুলুং-হ’ফিৰ লগতে অন্যান্য আন্তঃগাঁথনিসমূহ। ৪ কোটি টকা ব্যয়ৰে আকৰ্ষনীয়কৈ ন-ৰূপত নিৰ্মাণ কৰা হৈছে হাবুং।