নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত আঘাতপ্রাপ্ত বন্যহস্তীক চিকিৎসা

নিয়মীয়া বার্তা, ২১ এপ্রিলঃ ৰাজ্যত লকডাউন চলি থকাৰ সময়তে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত আর্তনাদ কৰিব লগা হৈছে এটা বনৰীয়া হাতীয়ে ৷ ৰাষ্ট্রীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ অধীনৰ লাউডুবি আৰু কাজিৰঙা বীটৰ মাজত বিগত কেইবাদিন ধৰি এটা বনৰীয়া মখনা হাতীয়ে আর্তনাদ কৰি আছিল ৷ হাতীটোৰ যন্ত্রণাকাতৰ চিঞৰ কেৱল বনকর্মীয়ে নহয়, শুনিছিল উদ্যানখনৰ দাঁতি–কাষৰীয়া ৰাইজেও ৷ অৱশেষত সোমবাৰে বন বিভাগৰ এটা দল আৰু কাজিৰঙাৰ পাণবাৰীত অৱস্থিত বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্রৰ চিকিৎসকৰ এটা দলে হাতীটোক অৰণ্যৰ মাজৰ পৰা উদ্ধাৰ কৰে ৷ ইয়াৰ পাছতে অৰণ্যত আর্তনাদ কৰি থকা হাতীটোক উক্ত কেন্দ্রৰ পশু চিকিৎসক চামচুল আলীৰ নেতৃত্বত যোৱা দলটোৱে চিকিৎসা আৰম্ভ কৰে ৷ প্রাথমিক অনুসন্ধানত দুটা হাতীৰ মাজত পৰস্পৰ যুঁজত হাতীটো আঘাতপ্রাপ্ত হোৱা বুলি বন বিভাগীয় সূত্রে মত প্রকাশ কৰে ৷

জানিব পৰা মতে, ভৰিত আঘাতপ্রাপ্ত বনৰীয়া হাতীটোক লগে লগে ট্ৰেংকুইলাইজ কৰি পশু চিকিৎসকৰ দলটোৱে চিকিৎসা কৰে ৷ সম্প্রতি হাতীটো সুস্থ অৱস্থাত আছে যদিও বন বিভাগে নিজৰ পর্যবেক্ষণত ৰাখিছে ৷ ইপিনে, কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অধীনত দাঁতি–কাষৰীয়া বান্দৰডুবিত সোমবাৰে এটা কণমানি গঁড়ৰ পোৱালি উদ্ধাৰ কৰা হয় ৷ মাতৃহাৰা গঁড়ৰ পোৱালিটোক বনকর্মীয়ে প্রত্যক্ষ কৰি খবৰ দিয়ে পাণবাৰী বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্রক ৷ লগে লগে বন্যপ্রাণী পুনৰ সংস্থাপন কেন্দ্রটোৰ এটা চিকিৎসকৰ দলে ঘটনাস্থলীত উপস্থিত হৈ গঁডৰ পোৱালিটোক উদ্ধাৰ কৰি কেন্দ্রলৈ আনে৷ সম্প্রতি গঁড়ৰ পোৱালিটো চিকিৎসাধীন হৈ আছে পাণবাৰী বন্যপ্রাণী পুনৰ সংস্থাপন কেন্দ্রত৷ উক্ত কেন্দ্রৰ পশু চিকিৎসক প্রাণজিৎ বসুমতাৰীয়ে জানিবলৈ দিয়া মতে, মাকে দুদিন পূর্বে এৰি থৈ যোৱা প্রায় এমহীয়া গঁডৰ পোৱালিটোক বর্তমান চিকিৎসা কৰা হৈছে যদিও দুর্বল হৈ আছে৷ মাতৃৰ পৰা বিচ্ছিন্ন হোৱা গঁডৰ পোৱালিটো কিছু সুস্থ হ’লে পুনৰ সংস্থাপন অর্থাৎ পুনৰ মাতৃৰ সংগ দিয়াৰ চেষ্টা কৰা হ’ব বুলিও পশু চিকিৎসকে জানিবলৈ দিয়ে ৷

You might also like