নিয়মীয়া বার্তা, ১৭ এপ্রিলঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ মিহিবিলৰ পাৰত বৃহস্পতিবাৰে বনকর্মীয়ে এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ কৰে ৷ বিলখনৰ পাৰতে প্রায় তিনি দিনমান পূর্বে বাঘটোৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত বাঘটোৰ দেহৰ পিছ অংশ ইতিমধ্যেই অন্য বাঘে ভক্ষণ কৰা বুলি বনকর্মীয়ে জানিবলৈ দিয়ে ৷ বুধবাৰে বিয়লি হাতী চৰাবলৈ অহা বনকর্মীয়ে বাঘটো প্রত্যক্ষ কৰাৰ পিছত নিশা অন্য বাঘে মৃত বাঘটো ভক্ষণ কৰিবলৈ অহা দেখা পায় ৷ বৃহস্পতিবাৰে পুৱা মিহিবিলৰ পাৰতেই কাজিৰঙাৰ পাণবাৰীত থকা বন্যপ্রাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্রৰ পশু চিকিৎসক প্রাণজিৎ বসুমতাৰী আৰু কৰবেট ফাউণ্ডেচনৰ পশু চিকিৎসক নবীন পাণ্ডেয়ে বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰে ৷ প্রাপ্তবয়স্ক প্রায় ১০বছৰীয়া মতা বাঘটোৰ পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ পিছত পশু চিকিৎসকে প্রকাশ কৰে ৷ ইফালে বাঘে বাঘক খোৱা ঘটনা অতি বিৰল যদিও কাজিৰঙাত নিজৰ বিচৰণ ভূমিক লৈ হোৱা সংঘর্ষৰ বাবেই এনে ঘটনা হোৱাৰ প্রমাণ আছে বুলি জনায় কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্র শর্মাই ৷ আনহাতে বৃহস্পতিবাৰে পুৱাই বন বিভাগৰ প্রধান মুখ্য বন সংৰক্ষক এ কে যাদৱ, কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত ৰাষ্ট্রীয় ব্যাঘ্র সংৰক্ষণ প্রাধিকৰণৰ নীতি–নির্দেশনা মতে মৃত বাঘটো ঘটনাস্থলীতে দাহ কৰা হয় ৷