কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰি আহ্লাদিত পৰ্যটক
নিয়মীয়া বাৰ্তা ৬ মাৰ্চঃ ডিচেম্বৰ মাহত হোৱা কা আন্দোলনৰ বাবে অসমত পৰ্যটন খণ্ডত বিৰূপ প্ৰভাৱ পৰিছিল। বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটক সংখ্যা নিচেই তাকৰ আছিল কিন্তু শেহতীয়া ভাৱে দেশী বিদেশী পৰ্য্যটক ৰ আগমনত মুখৰিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।বিশেষকৈ বিদেশী পৰ্য্যটকে ভিৰ কৰিছে কাজিৰঙা।এতিয়া কাজিৰঙালৈ বিদেশী পৰ্য্যটক আহি ৰাষ্ট্ৰীয় উদ্যান খনৰ অপৰূপ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে কাঠেৰে নিৰ্মিত গঁড়, পশু, হাতী আদি ক্ৰয় কৰি আনন্দ মনেৰে নিজ দেশলৈ উভতিছে।