কালুগাঁৱৰ বিশেষভাৱে সক্ষম পলাশৰ জীৱন–জীৱিকাৰ সংগ্রাম
নিয়মীয়া বাৰ্তা, ৭ মে’ : শিৱসাগৰ জিলাৰ বৰুৱাপুখুৰী গাঁও পঞ্চায়তৰ অন্তর্গত নামদঙীয়া গাঁৱৰ বিশেষভাৱে সক্ষম ব্যক্তি পলাশ শইকীয়া আৰু তেওঁৰ পত্নী প্রিয়ংকা শইকীয়াই তৃতীয় পর্যায়ৰ লকডাডন কিছু শিথিল হোৱাৰ পিছত আৰম্ভ কৰিছে জীৱন–জীৱিকাৰ সংগ্রাম৷ শইকীয়া দম্পতীয়ে সাপ্তাহিক বজাৰত চাহৰ দোকান দি অর্জন কৰা ধনেৰে চাৰিজনীয়া পৰিয়ালটি পোহপাল দি আহিছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে হোৱা লকডাডনৰ বাবে তেওঁলোকৰ এই চাহৰ ব্যৱসায় বন্ধ হৈ যোৱাত পৰিয়ালটো আর্থিকভাৱে দুর্বল হৈ পৰে৷ এই তৃতীয় পর্যায়ৰ লকডাডনৰ সময়ছোৱাত বিশেষভাৱে সক্ষম পলাশ শইকীয়াই নিজৰ ড্রাই চাইকেলখনত কচু, ঢ়েঁকীয়া, মাটিকাদুৰী, পদিনা, খুতুৰা, ভোট জলকীয়া, কলডিল, কণবিলাহী আদি শাক–পাচলি লৈ পত্নী প্রিয়ংকা শইকীয়াসহ ঘৰে ঘৰে বিক্রী কৰি পৰিয়াল চলাবলগীয়া হৈছে৷ শইকীয়াই কিছু চৰকাৰী সাহায্য লাভ কৰিছে যদিও কেৱল চৰকাৰৰ সাহায্যলৈ বাট নাচাই শাৰীৰিক প্রতিবন্ধকতাকো নেওচি জীৱন–জীৱিকাৰ সংগ্রাম অব্যাহত ৰাখিছে৷ আজি পুৱা শইকীয়া দম্পতী কালুগাঁও প্রেছ ক্লাবৰ সন্মুখত ডপস্থিত হোৱাত প্রেছ ক্লাবৰ তৰফৰ পৰা একোখনকৈ মাস্ক আৰু খোৱাবস্তু প্রদান কৰাৰ ডপৰি তেওঁৰ পৰা শাক–পাচলি ক্রয় কৰি সহযোগিতা আগবঢ়ায়৷