নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি যৌথ আন্দোলন

আছু–জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ যুটীয়া সভা

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি যৌথ আন্দোলনৰ কার্যসূচী গ্রহণৰ সিদ্ধান্ত লৈছে সদৌ অসম ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে ৷ সোমবাৰে মহানগৰীৰ শ্বহীদ ন্যাসত অনুষ্ঠিত সংগঠন দুটাৰ এখন গুৰুত্বপূর্ণ সভাত সমগ্র ৰাজ্যত ‘কা’বিৰোধী গণতান্ত্রিক আন্দোলন শৃংখলাবদ্ধ ৰূপত আগুৱাই নিবৰ বাবে সামূহিক সংগ্রামী মঞ্চ গঠনৰ প্রস্তাৱ গ্রহণ কৰা হয় ৷ ইয়াৰ বাবে জিলা স্তৰৰ পৰা ৰাজ্যিক স্তৰলৈ আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ যৌথ সভা পর্যায় ক্রমে অনুষ্ঠিত হ’ব ৷ সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য, কেন্দ্রীয় সমিতিৰ বিষয়ববীয়া আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা, সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত কেন্দ্রীয় সমিতিৰ বিষয়ববীয়াসকলে এই যৌথ সভাত অংশগ্রহণ কৰে ৷

এই বৈঠকতে আছু, যুৱ–ছাত্র পৰিষদৰ যৌথ সভাই ‘কা’বিৰোধী আন্দোলনৰ পৰৱর্তী কার্যসূচী যুগুত কৰে ৷ ৩০ জনগোষ্ঠীয় সংগঠন, অসমৰ শিল্পী সমাজ, সহযোগী সংগঠনৰ সৈতে আলোচনা কৰি আৰু অসমৰ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি আন্দোলনৰ কার্যসূচীসমূহ চূড়ান্ত কৰি ১ এপ্রিল তাৰিখে পৰৱর্তী আন্দোলনৰ কার্যসূচীসমূহ ঘোষণা কৰিবলৈ যৌথ সভাই সিদ্ধান্ত গ্রহণ কৰে ৷ তদুপৰি আছু, যুৱ–ছাত্র পৰিষদৰ যৌথ সভাই ‘কা’বিৰোধী আন্দোলনক সংগঠিতভাৱে ৰাজ্যজুৰি ব্যাপকভাৱে আগুৱাই নিবলৈ আৰু ৰাজ্যজুৰি অঞ্চলে অঞ্চলে সামূহিক সংগ্রামী মঞ্চ গঠনৰ সিদ্ধান্ত গ্রহণ কৰে ৷ ইয়াৰ বাবে ১৯ মার্চ তাৰিখে সমগ্র অসমৰ জিলা স্তৰত ছাত্র সন্থা আৰু যুৱ–ছাত্র পৰিষদৰ যৌথ সভা অনুষ্ঠিত হ’ব ৷ অর্থাৎ ২০ মার্চ তাৰিখে গুৱাহাটী স্তৰত ছাত্র সন্থা, যুৱ–ছাত্র পৰিষদৰ যৌথ সভা অনুষ্ঠিত হয় ৷ ২২ মার্চ তাৰিখে সমগ্র অসমত জিলা স্তৰত সামূহিক সংগ্রামী মঞ্চ গঠন কৰা হ’ব৷ ২৩ মার্চ তাৰিখে গুৱাহাটী মহানগৰ স্তৰত সামূহি সংগ্রামী মঞ্চ গঠন কৰা হ’ব৷ পৰৱর্তী সময়ত ৰাজ্যিক স্তৰত সামূহিক সংগ্রামী মঞ্চ গঠন কৰা হ’ব৷ ‘কা’বিৰোধী আন্দোলনক সদৌ অসম ছাত্র সন্থা, ৩০ জনগোষ্ঠীয়ে সংগঠন, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, অসমৰ শিল্পী সমাজ আৰু সামূহিক সংগ্রামী মঞ্চৰ আহ্বানত আগুৱাই নিবলৈ সভাই সিদ্ধান্ত গ্রহণ কৰিছে৷ আনহাতে, আছু, যুৱ–ছাত্র পৰিষদৰ যৌথ সভাই ক’ৰোনা ভাইৰাছ সংক্রমণ ৰোধ কৰিবলৈ যুদ্ধকালীনভাৱে চৰকাৰক সকলো ফলপ্রসূ পদক্ষেপ ল’বলৈ দাবী জনাইছে৷ অসমৰ জনসাধাৰণৰ সুবিধার্থে অন্ততঃ জিলাই জিলাই পৰীক্ষাগাৰ স্থাপন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে৷ প্রতিৰোধী সামগ্র অসমৰ অঞ্চলে অঞ্চলে বিনামূলীয়াকৈ যোগান ধৰিবলৈ দাবী জনাইছে ৷

You might also like