নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ ‘অসমত অনুপ্ৰৱেশ এটা গভীৰ সমস্যা । এই সমস্যা সমাধানৰ পথ দেখুৱাইছে অসম চুক্তিয়ে । অসম চুক্তি কোনো নিৰ্দিষ্ট দুটা ৰাজনৈতিক দলৰ মাজত স্বাক্ষৰ হোৱা নাছিল । এই চুক্তি স্বাক্ষৰ হৈছিল সেই সময়ৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু অসম আন্দোলনক নেতৃত্ব দিয়া প্ৰতিনিধিসকলৰ মাজত । এয়া এখন পবিত্ৰ চুক্তি । এই চুক্তি যদি উলংঘা কৰা হয়, তেনেহ’লে ভৱিষ্যতে কোনো চুক্তিৰ প্রতিয়ে দেশৰ কোনো অংশৰ জনতাৰ বিশ্বাস নাথাকিব ৷’ –এই মন্তব্য দেশৰ প্রখ্যাত সমাজ বিজ্ঞানী যোগেন্দ্র যাদৱৰ ৷ শুকুৰবাৰে গুৱাহাটী প্রেছ ক্লাবত এখন নাগৰিক সভাত অংশগ্রহণ কৰি তেওঁ লগতে কয় যে অসমত ৩০ বছৰ আগতে ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রস্তুত হ’ব লাগিছিল ৷ অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছত যোৱা ৩০টা বছৰত এন আৰ চি ৰূপায়ণ নকৰা বাবে প্রতিটো ৰাজনৈতিক দলেই দোষী ৷ ৩০টা বছৰ চিকিৎসাৰ বাবে অপেক্ষা কৰি থকাৰ পাছত এজন ৰোগীক দৰব দিয়াৰ দৰে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত অসমত এন আৰ চি প্রস্তুত কৰা হ’ল ৷ এতিয়া চৰকাৰে ক’ব বিচাৰিছে যে ভাৰতৰ আন ঠাইতো একেই দৰব প্রয়োগ কৰা হ’ব ৷ য’ত প্রয়োজন নাই, তাতো এন আৰ চি প্রয়োগ কৰিব খুজিছে ৷
আনহাতে, এন আৰ চিৰ পাছত চৰকাৰে ‘কা’ আনিব বিচৰাৰ প্রকৃত উদ্দেশ্য হ’ল যিসকল বিজেপিৰ ভোটাৰৰ নাম এন আৰ চিৰ পৰা বাদ পৰিল, তেওঁলোকক পুনৰ ঘূৰাই অনা আৰু পশ্চিমবংগত হিন্দু–মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰি নির্বাচনত জয়লাভ কৰা৷ লগতে ভাৰতীয় নাগৰিকসকলৰ মাজত দুটা শ্রেণী সৃষ্টি কৰা ৷ মহম্মদ আলী জিন্নাই যি বিচাৰিছিল, তাকেই এতিয়াৰ বিজেপি চৰকাৰে কৰিব বিচাৰিছে বুলিও বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে মন্তব্য কৰে ৷ যোগেন্দ্র যাদৱে অসম আৰু সমগ্র দেশৰ ‘কা’বিৰোধী আন্দোলনৰ প্রেক্ষাপট সন্দর্ভত বক্তব্য আগবঢ়াই কয়– ‘প্রথমবাৰৰ বাবে এক ৰাষ্ট্রব্যাপী আন্দোলনৰ সূচনা হ’ল অসম তথা উত্তৰ–পূর্বাঞ্চলৰ পৰা৷ ২০১৫ চনৰ পৰা অসমে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্রতিবাদ কৰি আহিছে৷ অসমে দেশক জগোৱাৰ কাম কৰিছে৷ যোৱা ১০, ১১ আৰু ১২ ডিচেম্বৰত যেতিয়া সংসদত নাগৰিকত্ব সংশোধনী আইন গৃহীত হৈ আছিল, সমগ্র দেশ তেতিয়া শুই আছিল আৰু অসমে কার্ফিউ ভাঙি এই আইনখনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছিল ৷’
এই বিশাল আন্দোলনৰ নেতৃত্ব দিয়া অসমৰ যুৱ প্রজন্মক ধন্যবাদ জ্ঞাপন কৰি তেওঁ পুনৰ কয় যে সূর্য উঠা ঠাইৰ পৰাই দেশত এক নতুন ৰাজনৈতিক সূর্যৰ উদয় হৈছে৷ ‘কা’বিৰোধী আন্দোলন এতিয়া দ্বিতীয় পর্যায়ত উপনীত হৈছে ৷ প্রথম পর্যায়ৰ প্রতিবাদ আছিল স্বতঃস্ফূর্ত প্রতিবাদ৷ এই প্রতিবাদ আছিল উত্তৰ–পূর্বাঞ্চলৰ প্রতিবাদ, ছাত্র সমাজৰ প্রতিবাদ আৰু সংখ্যালঘু সমাজৰ প্রতিবাদ৷ দ্বিতীয় পর্যায়ৰ প্রতিবাদত ‘কা’বিৰোধী আন্দোলনৰ এই আটাইকেইটা ধাৰাক একলগ কৰিব লাগিব ৷ ইয়াৰ বাবে সর্বভাৰতীয় পর্যায়ত ‘আমি ভাৰতৰ জনগণ’ শীর্ষক এখন উমৈহতীয়া মঞ্চ গঠন কৰা হৈছে বুলি উল্লেখ কৰি বিশিষ্ট সমাজ বিজ্ঞানীগৰাকীয়ে কয় যে অসমৰ আন্দোলনক সর্বভাৰতীয় আন্দোলনৰ লগত জড়িত কৰিবলৈ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যৰ লগত দীঘলীয়া সময় আলোচনা কৰাৰ লগতে কাৰাগাৰত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ লগতো এই সন্দর্ভত কথা পতা হৈছে৷ দুয়োগৰাকী নেতাই এইক্ষেত্রত আগ্রহ প্রকাশ কৰাটো ইতিবাচক ইংগিত বুলি তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে আজিৰ সভাত বিশিষ্ট সংগঠক অমিত সাহা, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই, অপূর্ব কুমাৰ বৰুৱাকে ধৰি বহুসংখ্যক নাগৰিকে অংশগ্রহণ কৰে৷ তেওঁলোকে অখিল গগৈসহ তেওঁৰ সহযোগীসকলক মুক্তিৰ দাবীত সর্বভাৰতীয় পর্যায়ত আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায় ৷