কেপিটেল প্রজেক্টৰ পৰা অসমে কিমান ধন পাব? দিল্লীত আলোচনা
নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ ১৬ মার্চত দাখিল হ’ব ৰাজ্যৰ বাজেট৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে নতুন দিল্লীত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰে৷ আগন্তুক বিত্তীয় বর্ষত অসমে কেন্দ্রৰ পৰা কেনে ধৰণৰ অনুদান লাভ কৰিব পাৰে, তাৰ এক সম্যক ধাৰণা লোৱাৰ বাবেই মুখ্যমন্ত্রীজনে কেন্দ্রীয় বিত্তমন্ত্রীক সাক্ষাৎ কৰে৷
উল্লেখ্য যে ২০২২–২৩ বিত্তীয় বর্ষৰ কেন্দ্রীয় বাজেটত বিত্তমন্ত্রী নির্মলা সীতাৰমণে ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে ব্যয় কৰাৰ বাবে ১ লাখ কোটি টকাৰ ‘কেপিটেল প্রজেক্ট’ৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰ ভিতৰত ৰাজ্যসমূহৰ বাবে ধার্য কৰা হৈছিল ৭০ হাজাৰ কোটি টকা৷ এই ৭০ হাজাৰ কোটি টকাৰ পৰা অসমে কিমান লাভ কৰিব পাৰে, তাৰ এটা ধাৰণা লোৱাৰ বাবেই ড০ শর্মাই সীতাৰমণক সাক্ষাৎ কৰা বুলি বৈঠকৰ পাছত মুখ্যমন্ত্রীজনে সাংবাদিকক জানিবলৈ দিয়ে৷ ‘যিহেতু অসমত ১৬ মার্চত বাজেট আছে, তাৰ আগত অসমে কেন্দ্রীয় চৰকাৰৰ পৰা কেনেধৰণৰ আশা কৰিব পাৰে, সেই বিষয়ত মই বিত্তমন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰিলোঁ৷’ –ড০ শর্মাই এনেদৰে কয়৷
তেওঁ আৰু কয়– ৰাজ্যসমূহৰ বাবে ধার্য কৰি ৰখা ৭০ হাজাৰ কোটি টকাৰ পৰা আমি এহেজাৰ নে দুহ হেজাৰ নে তিনি হেজাৰ কোটি টকা পাব পাৰি, সেয়া মই জানিব বিচাৰিছো৷ যাতে অসমেও কিছুমান কেপিটেল প্রজেক্ট হাতত ল’ব পাৰে৷