নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ সময়তে এই ভাইৰাছত আক্রান্তৰ সন্দেহ কৰা এজন যুৱক কেৰালাৰ পৰা অসম অভিমুখে পলায়ন কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছিল বুধবাৰে ৷ মৰিগাঁৱৰ এই যুৱকজনে কেৰালাত কর্মৰত অৱস্থাত থকা সময়তে চর্দি–জ্বৰত আক্রান্ত হয় ৷ ৰাজ্যখনৰ স্বাস্থ্য বিভাগে যুৱকজনক হোটেলৰ আছুতীয়া কোঠাত ১৪ দিনৰ পর্যবেক্ষণত ৰাখি থোৱাৰ সময়তে যুৱকজনে হোটেলৰ পৰা পলায়ন কৰে ৷ বিষয়টোক লৈ কেৰালাত সৃষ্টি হোৱা চাঞ্চল্যৰ সময়তে কেৰালা আৰক্ষীয়ে অসম আৰক্ষীক এই বিষয়ে অৱগত কৰি যুৱকজনক চিনাক্তকৰণৰ অনুৰোধ জনায় ৷
অসম আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱতি নিশা দক্ষিণৰ পৰা অহা এখন ৰে’লত উদ্ধাৰ কৰিবলৈ সক্ষম হয় এই যুৱকজনক । বঙাইগাঁও ৰে’ল জংচনত আটক কৰাৰ পাচতেই যুৱকজনক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে । যুৱকজনৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি আছে নে নাই সেই সম্বন্ধীয় তথ্য এতিয়াও পোহৰলৈ অহা নাই ।
যোৱা ১৬ মাৰ্চ তাৰিখে কেৰালাৰ এখন হোটেলত আছুতীয়াকৈ ৰখা অৱস্থাৰ পৰা দুজন সংগীসহ পলায়ন কৰিছিল মৰিগাঁৱৰ এইজন যুৱকে । পলায়ন কৰাৰ পাচতেই নিজৰ মোবাইল ফোন অফ কৰি পোনে পোনে ট্ৰেইন যোগে অসম অভিমুখে আহি আছিল যুৱকজন ।