নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত লকডাউন উলংঘাৰে ৰাজ্যপালৰ বৈঠক

নিয়মীয়া বাৰ্তা, ২০ মেঃ  লকডাউনৰ মাজতেই মঙলবাৰে কোকৰাঝাৰত উপস্থিত হয় ৰাজ্যপাল প্রফেছৰ জগদীশ মুখী৷ ৬৫ বছৰ বয়সৰ ঊর্ধ্বৰ ৰাজ্যপালগৰাকী লকডাউনৰ চর্ত উলংঘন কৰি কোকৰাঝাৰত উপস্থিত হোৱা ঘটনাই বিভিন্ন মহলত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ আনকি সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি যিটো সময়ত চৰকাৰে সকলোধৰণৰ সভা–সমিতি বন্ধ ৰাখিছে, সেই সময়তে ৰাজ্যপালগৰাকীয়ে কোকৰাঝাৰত উপস্থিত হৈ বিভিন্ন সংগঠনৰে বৈঠকত মিলিত হোৱাই নহয়, সেই বৈঠকত সামাজিক দূৰত্ব মানি চলাৰ নীতিও উলংঘন কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷

উল্লেখ্য যে বিটিচিৰ শাসনভাৰ নিজৰ হাতত লোৱাৰ পিছত মঙলবাৰে প্রথমবাৰৰ বাবে ৰাজ্যপাল মুখী বিটিচি সচিবালয়ত উপস্থিত হৈ বিটিএডিৰ চাৰিওখন জিলাৰ জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, প্রশাসনিক বিষয়াবর্গৰ সৈতে এখন বৈঠকত অংশগ্রহণ কৰে৷ ইয়াৰ পিছতে এবছু, আমছু, এবিএমছুকে ধৰি বিভিন্ন দল–সংগঠনৰ প্রতিনিধিৰ স’তে পৃথকে পৃথকে বিটিচি সচিবালয়ত বৈঠকত অংশগ্রহণ কৰে ৰাজ্যপাল জগদীশ মুখীয়ে৷

আনহাতে ৰাজ্যপাল মুখীয়ে এখন সংবাদ মেলৰো আয়োজন কৰি বিটিচিত দুর্নীতিমুক্ত শাসনৰ প্রতিশ্রুতি প্রদান কৰে৷ দুর্নীতিৰ অভিযোগসমূহ গুৰুত্বসহকাৰে লোৱা হ’ব আৰু দুর্নীতিৰ অভিযোগ প্রমাণিত হ’লে তলৰ পর্যায়ৰ কর্মচাৰীৰ পৰা আৰম্ভ কৰি ওপৰলৈকে কোনেও ৰেহাই নাপাব বুলি মন্তব্য কৰে৷ বিটিচিৰ শাসনত প্রয়োজনতকৈ এটা দিন বেছিকৈ থাকিবলৈ তেওঁৰ আকাংক্ষা নাই আৰু তেওঁ থকালৈকে এটা সুস্থ প্রশাসন দিব বুলি মন্তব্য কৰি ৰাজ্যপালে নির্বাচনী অধিসূচনা বর্তমানলৈকে অব্যাহত আছে বুলি সোঁৱৰাই দিয়ে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰৰ প্রসংগ উত্থাপন কৰি ৰাজ্যপালে অতি আত্মবিশ্বাসেৰে কয় যে ষষ্ঠ অনুসূচীৰ নিয়মানুসাৰে তেওঁ বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰিছে৷ ইপিনে, ৰাজ্যপাল মুখীৰ বিৰুদ্ধে লকডাউনৰ গাইডলাইন উলংঘা কৰাৰ গুৰুতৰ অভিযোগ কৰিছে বিপিএফে৷

বিপিএফৰ কার্যকৰী সভাপতি তথা সাংসদ বিশ্বজিৎ দৈমাৰীয়ে কয় যে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে বর্তমান সমগ্র দেশত চতুর্থ পর্যায়ৰ লকডাউন চলি আছে৷ এই সময়ছোৱাত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশনা অনুসৰি ৬৫ বছৰ বয়সৰ ঊর্ধ্বৰ লোক, গর্ভৱতী মহিলা আৰু ১০ বছৰ বয়সৰ তলৰ শিশু ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰে৷ কিন্তু ৰাজ্য এখনৰ সাংবিধানিক মুৰব্বী হৈও ৬৫ বছৰ বয়সৰ ঊর্ধ্বৰ ৰাজ্যপাল এই সময়ছোৱাত কিয় কোকৰাঝৰলৈ আহিল, তাক লৈ প্রশ্ন উত্থাপন কৰে৷ দৈমাৰীৰ মতে এই ভ্রমণসূচীৰ জৰিয়তে স্বয়ং ৰাজ্যপালে নিজেই লকডাউনৰ নীতি উলংঘা কৰিছে৷ ইপিনে, ৰাজ্যপাল মুখীয়ে বিভিন্ন সংগঠনৰ সৈতে অনুষ্ঠিত কৰা বৈঠকত সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখাৰ বিধিও অতি দৃষ্টিকটুভাৱে উলংঘন কৰাৰ গুৰুতৰ অভিযোগ উঠিছে৷ বৈঠকখনত ইখন চকীৰ গাতে একপ্রকাৰ সিখন চকী লাগি আছিল৷

You might also like