নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ পৰা আৰম্ভ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ প্ৰক্ৰিয়া

কোকৰাঝাৰ আৱৰ্ত ভৱনত বিভিন্ন দল সংগঠনৰ মতামত-পৰামৰ্শ গ্ৰহণ

গুৱাহাটী, ১৩ নৱেম্বৰঃ ১৯৮৫ চনৰ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি কে শৰ্মা নেতৃত্বাধীন উচ্চ পৰ্যায়ৰ সমিতিয়ে মঙলবাৰে কোকৰাঝাৰ আৱৰ্ত ভৱনত পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিৰ মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰে। অসমীয়া মানুহৰ সাংস্কৃতিক আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক, আইনগত আৰু প্ৰশাসনীয় ৰক্ষাকৱচ দিয়াৰ আঁত ধৰি খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অসমীয়া, অন্যান্য খিলঞ্জীয়াৰ বাবে সংসদ, বিধানসভা, স্থানীয় নিকায়সমূহত আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, খিলঞ্জীয়াৰ ভাষাৰ সুৰক্ষা প্ৰদান, ভূমিৰ অধিকাৰ, সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে লবলগীয়া ব্যৱস্থা গ্ৰহণ কৰা আৰু অসমত অৱস্থিত কেন্দ্ৰীয়, অৰ্ধকেন্দ্ৰীয়, ৰাজহুৱা, ব্যক্তিগত খণ্ডৰ অধীনৰ কাৰ্যালয়ত নিয়োগৰ সংৰক্ষণ সন্দৰ্ভত মঙলবাৰে উচ্চ পৰ্য্যায়ৰ সমিতিয়ে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তিৰ পৰা মতামত আৰু পৰামৰ্শ গ্ৰহণ কৰে। এই মতামত আৰু পৰামৰ্শ গ্ৰহণ কাৰ্যসূচী বুধবাৰে অন্ত পৰিব। এই সময়ছোৱাত কোকৰাঝাৰ বহু দল-সংগঠনে নিজ নিজ মতামত আৰু পৰামৰ্শ উচ্চ পৰ্য্যায়ৰ সমিতিৰ আগত দাঙি ধৰিব। মঙলবাৰে উক্ত অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা সমিতিৰ অধ্যক্ষ বি কে শৰ্মা, প্ৰাক্তন মুখ্য সচিব সুভাষ দাস, মহাধিবক্তা ৰমেশ বৰপাত্ৰ গোহাঁই, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদত লুৰিণজ্যোতি গগৈ উপস্থিত থাকে।