নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোচ ৰাজবংশী-মৰাণ-মটকৰ বাবে গঠন হ’ব স্বায়ত্তশাসিত পৰিষদ

আহোম, চুতীয়া, মৰাণ আৰু মটক জনগোষ্ঠীৰ উত্তৰণৰ হকে ১২৫ কোটি

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ ৰাজ্যৰ ছটা জনগোষ্ঠীক জনজাতিকাৰণৰ বাবে ৰাজ্য চৰকাৰে অহা জানুৱাৰী মাহৰ ভিতৰত মন্ত্ৰীগোটে জনোৱা অনুমোদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব । আনহাতে চাৰিখন জিলাক সামৰি আহোম, চুতীয়া, মৰাণ আৰু মটক জনগোষ্ঠীৰ আত্মসংস্থাপন, আধুনিক আন্তঃগাঁথনি, পুৰণি কীর্তিচিহ্ণ সংৰক্ষণৰ বাবে প্রতিটো জনগোষ্ঠীকে ১২৫ কোটি টকাকৈ প্রদান কৰা হ’ব ৷ কোচ ৰাজবংশীসকলৰ বাবে অবিভক্ত গোৱালপাৰা জিলাত স্বায়ত্তশাসিত পৰিষদ গঠন কৰাৰ উপৰি মৰাণ, মটকৰ বাবেও সুকীয়াকৈ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ’ব ৷ মৰাণ জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত আৰু এখন আসন বৃদ্ধি কৰা হ’ব ৷ ৰাজ্য চৰকাৰে ৰাঘৱ মৰাণৰ জীৱন আৰু কৃতি আধাৰিত এখন তথ্যচিত্র নির্মাণৰ বাবেও পুঁজি প্রদান কৰিব ৷ বৃহস্পতিবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৌৰোহিত্যত মৰাণ জনগোষ্ঠীৰ ছয়টা সংগঠনৰ প্রতিনিধিৰ সৈতে হোৱা এক বৈঠকত মুখ্যমন্ত্রী সোণোৱালে এই আশ্বাস দিয়ে ৷

আনহাতে, সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সৈতেও হোৱা আন এক বৈঠকত কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয় ৷ বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে সতী সাধনী দিৱসৰ চৰকাৰী বন্ধৰ বিষয়টো ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে গ্রহণ কৰি শীঘ্রে এই সম্বন্ধে ইতিবাচক সিদ্ধান্তৰ কথা প্রকাশ কৰিব ৷

মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্যখনৰ উন্নয়নৰ গতি ক্ষিপ্র কৰাৰ বাবে শান্তিপূর্ণ পৰিৱেশৰ প্রয়োজন ৷ এইক্ষেত্রত বিভিন্ন জনগোষ্ঠী সংগঠনসমূহক ৰাজ্যখনৰ সাতামপুৰুষীয়া শান্তি–সম্প্রীতিৰ পৰিৱেশ অক্ষুণ্ণ ৰখাৰ দিশত অগ্রণী ভূমিকা ল’বলৈও আহ্বান জনায় ৷ বৈঠক দুখনত ভাষণ প্রদান কৰি বিত্ত, স্বাস্থ্য, গড়কাপ্টানী বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে প্রতিটো জনগোষ্ঠীকে সমভাৱে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্রহণ কৰিছে ৷

You might also like