নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোৱাৰেণ্টাইন কেম্পত থকা লোকসকলে খাদ্যক লৈ কৰা অভিযোগৰ সন্দৰ্ভত কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

নিয়মীয়া বাৰ্তা, ১৪ মেঃ ৰাজ্যৰ পৰিস্থিতি পূৰ্বতকৈ অধিক ভয়াৱহ হৈছে। দৈনিক বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা। এইখিনি সময়ত ৰাইজক ভয় নাখাবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

বহিঃৰাজ্যৰ পৰা অহা লোকসকল যিসকল বৰ্তমান কোৱাৰেণ্টাইন কেম্পত আছে সেইসকলৰ একাংশই খাদ্যক লৈ কৰা অভিযোগৰ সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য যে বৰ্তমান ৰাজ্যৰ পৰিস্থিতি ভাল নহয়। খাদ্য যোগান ধৰাৰ লগতে আমি নতুনকৈ আক্ৰান্ত হোৱা লোকসকলক শীঘ্ৰে পৰীক্ষা কৰি ফলাফল দিয়া আৰু চিকিৎসাত ব্যস্ত থাকিব লগীয়া হৈছে। সকলোবোৰ সমানে চলাই নিব লগা হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ লগতে প্ৰশাসনৰ লোকসকলে।

গতিকে এই জটিল সময়ত খাদ্যক লৈ যাতে কোনো লোকে অভিযোগ নকৰে। এই ভাইৰাছ সংক্ৰমণৰ শৃংখল ৰোধ কৰিবলৈহে বৰ্তমান চৰকাৰ বদ্ধপৰিকৰ। সেয়ে সকলোকে চৰকাৰক সহায় কৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে।

You might also like