কোৱাৰেণ্টাইন চেণ্টাৰত হেঁচা কমাবলৈ ক্ষিপ্রতৰ কৰা হ’ব ছোৱাব টেষ্ট
নিয়মীয়া বাৰ্তা, ৩ জুনঃ ক’ভিড–১৯ৰ ভয়াৱহ সংক্রমণৰ পৰা অসমক ৰক্ষা কৰাৰ বাবে যোৱা তিনিটা মাহে অহর্নিশে যুঁজ অব্যাহত ৰখা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মঙলবাৰে পশ্চিম অসমৰ ধুবুৰী, বিলাসীপাৰা আৰু কোকৰাঝাৰত উপস্থিত হৈ সামগ্রিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে প্রশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পর্যালোচনা কৰে৷ ধুবুৰী জিলাত ক’ভিড–১৯ৰ নমুনা পৰীক্ষা কৰাৰ বাবে এটা নতুন পৰীক্ষাগাৰ স্থাপনৰ বিষয়ে মন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ তদুপৰি কোৱাৰেণ্টাইনত থকা লোকৰ নমুনা পৰীক্ষা ত্বৰান্বিত কৰাৰ বাবে গুৱাহাটীকে ধৰি বিভিন্ন স্থানৰ স্বাস্থ্যকর্মীৰ দলে কাইলৈৰ পৰা জিলাখনত কর্মক্ষেত্রত নামি পৰিব বুলিও তেওঁ প্রকাশ কৰে৷ সেইদৰে বিলাসীপাৰা অসামৰিক চিকিৎসালয়খন ৭০খন বিছনাযুক্ত ক’ভিড হাস্পতাললৈ ৰূপান্তৰ কৰে৷
একেদৰে কোকৰাঝাৰ কোৱাৰেণ্টাইন কেন্দ্রত হেঁচা কমোৱাৰ বাবে অহা ৫ জুনৰ পৰা চিৰাং আৰু বাগ্সাত একোটাকৈ কোৱাৰেণ্টাইন কেন্দ্র স্থাপনৰো সিদ্ধান্ত গ্রহণ কৰে৷ উল্লেখ্য যে আজি দুপৰীয়াৰ ভাগত ধুবুৰীৰ উপায়ুক্ত কার্যালয়ত উপস্থিত হৈ মন্ত্রী ড০ শর্মাই জিলা প্রশাসন, আৰক্ষী, স্বাস্থ্য বিভাগকে ধৰি বিভিন্ন চৰকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷ বৈঠকৰ অন্তত এখন সংবাদ মেলত মন্ত্রী ড০ শর্মাই কয় যে ধুবুৰী জিলাত ক’ভিড–১৯ৰ নমুনা পৰীক্ষা কৰাৰ বাবে চৰকাৰে পৰীক্ষাগাৰ এটা স্থাপন কৰিব৷ সেই পৰীক্ষাগাৰটো হৈ উঠিলে ধুবুৰীৰ নমুনা পৰীক্ষাৰ ফলাফল ২৪ ঘণ্টাৰ ভিতৰতে লাভ কৰিব পৰা যাব৷ যোৱা ৫ মে’ৰ পৰা এতিয়ালৈ ধুবুৰী জিলালৈ প্রায় ২৩ হাজাৰ লোক বহিঃৰাজ্যৰ পৰা উভতি আহিছে৷ সেইসকল লোকক ৭ৰ পৰা ১০ দিন কোৱাৰেণ্টাইনত ৰখাৰ পাছত ১৬,১৬৩গৰাকী ব্যক্তি ঘৰলৈ উভতি গৈছে৷ জিলাখনত এতিয়ালৈ ১৬,৬২৫গৰাকী ব্যক্তিৰ নমুনা সংগ্রহ কৰা হৈছে৷ ইয়াৰে ১,৬৫৩টাৰ ফলাফল নিগেটিভ আহিছে আৰু ৫৭টা পজিটিভ আহিছে৷ ৩,৭০৩টা নমুনাৰ ফলাফল আহিবলৈ বাকী আছে৷
মঙলবাৰে আৰু আজিৰ ভিতৰত এই নমুনাৰ ফলাফল আহি পাব৷ তেওঁ আৰু কয় যে ধুবুৰী জিলাৰ যিসকল ব্যক্তি কোৱাৰেণ্টাইন কেন্দ্রত আছে অথচ তেওঁলোকৰ ছোৱাব সংগ্রহ কৰিব পৰা হোৱা নাই, সেইক্ষেত্রত গুৱাহাটী আৰু অন্যান্য ঠাইৰ স্বাস্থ্যকর্মী আনি আজি আৰু কাইলৈৰ ভিতৰত আটাইৰে ছোৱাব সংগ্রহ কৰা হ’ব৷ এই পদক্ষেপ গ্রহণৰ প্রসংগত তেওঁ কয় যে ইতিমধ্যে বানো আহি আছে৷ সেয়ে কোৱাৰেণ্টাইন চেণ্টাৰত যাতে চাৰিৰ পৰা পাঁচ দিনৰ বেছি সময় মানুহ থাকিবলগীয়া নহয় তাৰ বাবেই এই খৰতকীয়া প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ অৱশ্যে ইয়াৰ বাবে বেকলগখিনি কৰিব লাগিব যাতে সুন্দৰভাৱে বেকলগখিনি সম্পূর্ণ হৈ যায়৷ কাইলৈৰ পৰা ধুবুৰী অসামৰিক চিকিৎসালয়ৰ উপৰি বিলাসীপাৰা মহকুমা চিকিৎসালয়তো ক’ভিড–১৯ৰ চিকিৎসা সেৱা আৰম্ভ হ’ব বুলি প্রকাশ কৰে৷ অৱশ্যে গর্ভৱতী মহিলা, ৬০ বছৰৰ ওপৰৰ লোক ক’ৰোনা পজিটিভত আক্রান্ত হ’লে তেওঁলোকক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হ’ব৷ লক্ষণবিহীন যুৱ বয়সৰ আক্রান্তক জিলাখনতেই চিকিৎসা কৰা হ’ব৷ ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ বিপৰীতে ৰিলিজো যথেষ্ট পৰিমাণে হৈ থকাৰ কথা উল্লেখ কৰি কৰি কয় যে কালিৰ দিনটোতে সুস্থ হৈ ৯৯জনে হাস্পতালৰ পৰা ৰিলিজ লাভ কৰিছে৷ অসমত ক’ৰোনাত মৃত্যুৰ হাৰ ০.৩ শতাংশৰ তলত৷ সেয়ে ৰাইজ আতংকিত হোৱাৰ প্রয়োজন নাই৷ কিন্তু সাৱধানে থকাৰ প্রয়োজন আছে৷ ভগৱানৰ আশীর্বাদত ধুবুৰী জিলা সুৰক্ষিত হৈ থকা বুলি উল্লেখ কৰি তেওঁ কয় যে প্রথমতে তেওঁৰ ধুবুৰী জিলাক লৈ যথেষ্ট চিন্তা আছিল৷ কাৰণ ইয়ালৈ যথেষ্ট মানুহ আহিছে৷ সেই সময়ত চিন্তা হৈছিল, যদি সকলো ক’ভিডত আক্রান্ত হৈ পৰে, ক’ত কেনেকৈ চিকিৎসা সেৱা আগবঢ়াব৷ কিন্তু আজিৰ দিনটোলৈকে ধুবুৰীৰ ক্ষেত্রত এইটোৱে ভাল খবৰ যে ধুবুৰীৰ বাহিৰলৈ কাম কৰিবলৈ যোৱা লোকৰ সৰহসংখ্যকেই পূব ভাৰতলৈহে গৈছিল৷ সেইবাবে তেওঁলোক উভতি আহোঁতে ক’ভিড পোৱা নাই৷ কিন্তু হোজাই, গুৱাহাটী, গোলাঘাটলৈ মানুহ আহিছে পশ্চিম আৰু দক্ষিণ ভাৰতৰ পৰা৷ সেয়ে তেওঁলোকৰ মাজতেই সর্বাধিক ক’ভিড–১৯ আক্রান্ত পোৱা হৈছে৷ ৰাজ্যখনলৈ আৰু ১ লাখ মানুহ বহিঃৰাজ্যৰ পৰা অহাৰ সম্ভাৱনা আছে বুলিও তেওঁ ব্যক্ত কৰে৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই অহা ৬ মাহৰ পৰা এবছৰৰ ভিতৰত ধুবুৰী চিকিৎসা মহাবিদ্যালয়খন সম্পূর্ণ কৰি তোলাৰ লক্ষ্য স্থিৰ কৰা বুলিও প্রকাশ কৰে৷ ইপিনে, আজিৰ দিনটোতে মন্ত্রী ড০ শর্মা বিলাসীপাৰাত উপস্থিত হৈ ৭০খন বিছনাৰ ক’ভিড–১৯ চিকিৎসালয় এখন মুকলি কৰে৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে অহা তিনি দিনৰ ভিতৰত ৭–৮ হাজাৰজন লোকৰ ক’ভিড–১৯ৰ পৰীক্ষা কৰা হ’ব, যাতে কোৱাৰেণ্টাইন কেন্দ্রসমূহৰ চাপ কমি যায়৷ ধুবুৰী জিলাত এতিয়ালৈ যিমান সংখ্যকৰ নমুনা পৰীক্ষা কৰা হৈছে, তাৰ ভিতৰত ০.৫ শতাংশহে পজিটিভ ওলাইছে৷ অনাগত সময়ত এই সংখ্যা যদি বৃদ্ধি হয় তেতিয়াহ’লে ৰোগীসকলক বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়ত ৭০জনক ৰখাৰ লগতে আন মডেল হাস্পতালসমূহতো ৰখাৰ ব্যৱস্থা কৰা হয়৷ বিলাসীপাৰাৰ দীপৰকুটিস্থিত মহকুমা অসামৰিক চিকিৎসালয়খন ৭০খন বিছনাযুক্ত ক’ভিড হাস্পতাল হিচাপে মুকলি কৰি তেওঁ আৰু কয় যে ইয়াত কেৱল নন–ছিম্পট’মেটিক ৰোগীসকলকহে ৰখা হ’ব৷ শিশু, বৃদ্ধসকলৰ লগতে জটিলভাৱে আক্রান্তসকলক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হ’ব৷ আনহাতে, শিঙিমাৰী আদর্শ চিকিৎসালয়ৰ এজন চিকিৎসক ক’ৰোনাত আক্রান্তৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে চিকিৎসকজনৰ সংস্পর্শলৈ অহা সকলোকে কোৱাৰেণ্টাইন কৰা হৈছে৷ মন্ত্রী ড০ শর্মা সেইখন চিকিৎসালয়লৈ যোৱাৰ প্রসংগ সাংবাদিকে উনুকিয়াই দিয়াত কয় যে তেওঁ সকলো হাস্পতাললৈ গৈ থাকে৷ ক’ভিড ৰোগীৰ কাষলৈও যায়৷ মাস্ক নোহোৱাকৈ অহা বা কথা পতাসকলৰ বাবেহে বিষয়টো চিন্তনীয়৷
তেওঁ যিহেতু মাস্ক পিন্ধি নির্দিষ্ট দূৰত্বত থাকে, তাৰ বাবে কোনো অসুবিধা নাই৷ ইফালে, মন্ত্রী ড০ শর্মা কোকৰাঝাৰত উপস্থিত হৈ জিলা উপায়ুক্তৰ কার্যালয়ত আন এখন পর্যালোচনা বৈঠকত মিলিত হয়৷ সেই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে কোকৰাঝাৰত তিনি হাজাৰ লোক কোৱাৰেণ্টাইন হৈ আছে আৰু কোকৰাঝাৰ ৰূপনাথ ব্রহ্ম অসামৰিক চিকিৎসালয়ত ৮০গৰাকী ক’ৰোনা ৰোগী ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ অহা ৫ জুনৰ পৰা চিৰাং আৰু বাগ্সাত কোৱাৰেণ্টাইন চেণ্টাৰ আৰম্ভ কৰা হ’ব৷ এই কোৱাৰেণ্টাইন চেণ্টাৰ দুটা আৰম্ভ হ’লেই কোকৰাঝাৰত ভিৰ হ্রাস পাব৷ কোকৰাঝাৰত অতিৰিক্তভাৱে লেবৰেটৰী টেক্নিচিয়ান দিয়াৰ বিষয়ে সদৰী কৰি মন্ত্রী ড০ শর্মাই কয় যে এতিয়াৰে পৰা ৩–৪ দিনৰ ভিতৰত টেষ্ট ৰিপ’ট দিব পৰা যাব৷ ক’ৰোনাৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজত সকলোৰে অৱদানক প্রশংসা কৰি তেওঁ কয় যে হোম কোৱাৰেণ্টাইন কঠোৰভাৱে বলৱৎ হ’ব৷ তেতিয়াহে ক’ৰোনাৰ সংক্রমণৰ পৰা ৰক্ষা পোৱা যাব৷ তেওঁ আটাইকে সামাজিক দূৰত্ব বর্তাই ৰাখিবলৈ আৰু মাস্ক পৰিধান কৰিবলৈ পুনৰবাৰ আহ্বান জনায়৷ মন্ত্রী ড০ শর্মাৰ ধুবুৰী, বিলাসীপাৰা, কোকৰাঝাৰ ভ্রমণৰ সময়ত তেওঁৰ সৈতে সাংসদ বিশ্বজিৎ দৈমাৰীও উপস্থিত থাকে৷