ক্রমাৎ শোচনীয় হৈছে কাজিৰঙাৰ বান পৰিস্থিতি
নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ ক্রমাৎ শোচনীয় হৈ পৰিছে বিশ্ব ঐতিহ্যক্ষেত্র কাজিৰঙাৰ বান পৰিস্থিতি৷ ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ প্রায় ৯৫ শতাংশ এলেকা জলমগ্ণ কৰি তুলিছে৷ ৰাষ্ট্রীয় উদ্যানখন জলমগ্ণ হৈ পৰাৰ ফলত বন্যপ্রাণীসমূহৰ নাজল–নাথল অৱস্থা হৈছে৷ নিৰাপদ স্থানৰ সন্ধানত গঁড়, হাতী, পহু, হৰিণ আদিয়ে ঢ়াপলি মেলিছে দক্ষিণে থকা কার্বি পাহাৰৰ দিশে৷ কাজিৰঙাৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথ এতিয়া বন্যপ্রাণীৰ মুক্ত বিচৰণস্থলীত পৰিণত হৈছে৷ ৰাষ্ট্রীয় উদ্যানখনৰ বন্যজন্তুৰ সুৰক্ষাৰ বাবে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন স্থানত বেৰিকেড স্থাপন কৰি যান–বাহনৰ গতি ৰোধৰ চেষ্টা কৰিছে বন বিভাগে৷ লগতে গাড়ীৰ খুন্দাত যাতে কোনো জন্তু আহত বা নিহত নহয়, তাৰ বাবে ঠায়ে ঠায়ে বনকর্মী নিয়োগ কৰা হৈছে৷
ইপিনে, কাজিৰঙাৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰাত বন বিভাগে কালিৰে পৰা পুনৰ টাইম কার্ড দিয়া আৰম্ভ কৰিছিল৷ কিন্তু আজি কাজিৰঙাৰ ৰাষ্ট্রীয় ঘাইপথছোৱা কেইবাটাও স্থানত ডুব গৈছে৷ এনে পৰিপ্রেক্ষিতত বোকাখাত মহকুমা প্রশাসনে ৩৭নং ৰাষ্ট্রীয় ঘাইপথত সৰু যান–বাহনৰ চলাচল বন্ধৰ নির্দেশ দিছে৷ কাজিৰঙাৰ মাজলাইন, হাতীখুলি আৰু হালধিবাৰী –এই তিনি ঠাইত ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰাৰ খবৰ আহিছে৷ বন বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, উদ্যানৰ ভিতৰৰ মুঠ ১৬৬টা বন শিবিৰ বানত প্রভাৱিত হৈছে৷ বানৰ ফলত আঘাতপ্রাপ্ত হোৱা হৰিণাকে ধৰি মুঠ ৫৯টা হৰিণা উদ্ধাৰ কৰা হৈছে৷ আনহাতে, উদ্যানখনত ৬ডাল অজগৰ, ১টা বাঘ, ২টা কাছ, ১টা গঁড়, ১টা দলহৰিণ বন বিভাগে বানৰ কবলৰ পৰা উদ্ধাৰ কৰিছে৷ এইপর্যন্ত যান–বাহনৰ খুন্দাত ১১টা আৰু পানীত ডুবি ১১টা পহুৰ মৃত্যু হৈছে৷ ১২টা পহু বন্যপ্রাণী উদ্ধাৰ কেন্দ্রত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছে৷