কৰ’ণা ভাইৰাছঃ এতিয়াও সজাগ হোৱা নাই একাংশ জনতা
বজাৰ-ফাৰ্মাচীত গ্ৰাহকৰ ভিৰ, অসাধু ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে বাছৰ ভাৰা
নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ আতংক। দেশত দৈনিক বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত সংখ্যা। অসমত এই পৰ্যন্ত এজনো লোক আক্ৰান্ত হোৱা নাই যদিও। ৬ বজাৰ পৰা ৰাজ্যজুৰি লক ডাউন ঘোষণা ৰাজ্যচৰকাৰৰ। ঘৰতে থাকক সুৰক্ষিত হওঁক। কিন্তু ক’ৰণাৰ ভয়াৱহতা বিষয়ে যেন আজিও সজাগ নহয় ৰাজ্যবাসী। ফাৰ্মাচীকে ধৰি একাংশ দোকানত গ্ৰাহকৰ ভিৰ। কোনো লোকে মানি চলা নাই দূৰত্ব। এনে পৰিস্থিতিত এই জীৱনগ্ৰাসী ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা অধিক।
যিহেতু আজিৰে পৰা লক ডাউন ঘোষণা কৰিছে ৰাজ্যচৰকাৰে গতিকে আৰু আজিৰে পৰা বন্ধ হৈ পৰিব সকলো বাছৰ চলাচল। ব্যক্তিগত বাহনেই নহয় আন্তঃৰাজ্যিক পৰিবহনো বন্ধ কৰিছে চৰকাৰে এই সুযোগ গ্ৰহণ কৰিছে একাংশ অসাধু ব্যৱসায়ীয়ে। দূৰণিবটীয়া যাত্ৰীসকলৰ পৰা অধিক হাৰত ভাৰা লোৱাৰ অভিযোগ যাত্ৰীৰ। বাছসমূহত যাত্ৰীসকল যাতে থিয় হৈ নাযায় তাৰো নিৰ্দেশ দিছিল ৰাজ্য চৰকাৰে কিন্তু যাত্ৰীবাহী বাছসমূহত যাত্ৰীৰ ভিৰ। এতিয়াও যেন সজাগ হোৱা নাই একাংশ জনতা। স্বাস্থ্যমন্ত্ৰীকে ধৰি সকলোৰে আহ্বানৰ পিছতো এচাম লোকে এই ভাইৰাছৰ ভয়াৱহতা বুজি নোপোৱাটোৱে অমনোযোগিতাৰহে প্ৰমাণ দিছে।