নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰণা ভাইৰাছঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ দেশজুৰি ক’ৰণা ভাইৰাছৰ আতংক। সাৱধানতা অবলম্বনৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। সাৱধানতাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিলে নিৰ্দেশনা-

  • অতি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতহে আদালতে দিব ৰায়দান।
  • অধিবক্তাসহ এজন ব্যক্তিহে থাকিব পাৰিব কক্ষত।
  • যদি কোনো বিযয় অতি জৰুৰী বুলি গণ্য কৰা হয় সেই বিষয়ৰ ওপৰতহে ৰায় দিয়াৰ সিদ্ধান্ত। বাকী অন্য বিষয়ৰ ওপৰত ৰায়দান স্থগিত ৰখাৰ সিদ্ধান্ত আদালতৰ।
  • আদালতত প্ৰৱেশৰ বাবে  ৪নং গেট আৰু প্ৰস্থানৰ বাবে ১নং গেট ব্যৱহাৰ হ’ব।
  • আদালতত প্ৰৱেশৰ পূৰ্বে পৰীক্ষা কৰা হ’ব সমূহ কৰ্মচাৰীৰ স্বাস্থ্য।
  • আইজল, ক’হিমা আৰু ইটানগৰৰ  পঞ্জীয়ককো যথোচিত ব্যৱস্থা লোৱাৰ নিৰ্দেশ।
  • আদালত চৌহদত বিদেশী কোনো নাগৰিকৰ প্ৰৱেশ পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰালৈকে বন্ধ ৰখাৰ সিদ্ধান্ত গুৱহাটী উচ্চ ন্যায়ালয় কৰ্তৃৰক্ষৰ।

 

You might also like