ক’ৰোনাক লৈ ৰাজনীতি নকৰিবলৈ ৰিপুণ বৰাক বিনম্ৰ আহ্বান স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা ১০ এপ্ৰিলঃ অসম কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰাই টুইট কৰিছিল যে ৰাজ্য চৰকাৰ ওচৰত ক’ৰোনা বিৰুদ্ধে যুঁজিবলৈ পৰ্যাপ্ত পৰিমাণে চিকিৎসা সজুঁলি নাই বুলি। কিন্তু ৰিপুণ বৰাৰ এই দাবীক খণ্ডন কৰিলে অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে যে উল্লেখ কৰে যে গুৱাহাটী মেডিকেল কলেজত ২০০০, ডিব্ৰুগড় মেডিকেল কলেজত ১০০০, যোৰহাট মেডিকেল কলেজত ১০০০, বৰপেটা মেডিকেল কলেজত ১০০০, শিলচৰ মেডিকেল কলেজত ১০০০ , তেজপুৰ ১০০০ মহেন্দ্ৰ মোহন চিকিৎসালয়ত ত ৫০০কে ধৰি অসমৰ বিভিন্ন জিলাতে পৰ্যাপ্ত পৰিমাণে পিপিই কিট মজুত আছে। অসমত পিপিই কিটকে ধৰি ছাৰ্জিকেল মাস্ক পৰ্যাপ্ত পৰিমাণে আছে।লগেত ৰিপুণ বৰাক স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে অনুৰোধ কৰি কয় যে এই সময়ত কোনো ধৰণৰ ৰাজনীতি নকৰে, নহ’লে চিকিৎসক সকল নিৰাশ হৈ পৰিব।