ক’ৰোনাত আক্ৰান্ত হৈ ৰাজ্যত মৃত্যুৰ সংখ্য়া ২৪জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ৯জুলাইঃ ক’ৰোনাত আক্ৰান্ত হৈ ৰাজ্যত বৰ্তমানলৈ ২৪জন লোকৰ মৃত্য়ু। আজি মৃত্য়ু হয় দুজনকৈ লোকৰ। আজি মৃত্যু হোৱা লোক দুজন ৰামসিং হাঞ্চে আৰু প্ৰসন্ন কুমাৰ হালৈ।
ৰামসিং হাঞ্চে নামৰ লোকজনৰ ঘৰ কাৰ্বি আংলঙৰ। ৫৬ বছৰীয়া লোকজন চিকিৎসাধীন হৈ আছিল GMCHত। কাৰ্বি আংলঙৰ অতিৰিক্ত কৃষি সঞ্চালক আছিল হাঞ্চে।
আনহাতে আনজন ৰোগী প্ৰসন্ন কুমাৰ হালৈ। গুৱাহাটীৰ বেলতলাৰ বাসিন্দা হালৈ। ৭০ বছৰীয়া লোকজনো চিকিৎসাধীন হৈ আছিল GMCHত। দুয়োজনৰ ৰোগীৰ মৃত্যুত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শোকপ্ৰকাশ।
Very sad to inform that 2 more #COVID19 + patients Sri Prosnna Kumar Haloi (70) of Beltola, Guwahati and Sri Ramsingh Hanse (56) of Karbianglong admitted in GMCH Covid ICU succumbed to their critical infections this morning. Both were on invasive ventilation. My condolences.
— Himanta Biswa Sarma (@himantabiswa) July 9, 2020