ক’ৰোনাৰে মোকাবিলাৰ বাবে অসমলৈ ৬৩১ কোটি টকা
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ ক্রমাৎ বিভীষিকাৰ ৰূপ ধাৰণ কৰা ক’ৰোনাৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্রীয় চৰকাৰে অসমক ৬৩১ কোটি টকা প্রদান কৰিছে৷ ৰাজহ ঘাটি অনুদান শিতানৰ মাহেকীয়া কিস্তি হিচাপে অসমকে ধৰি মুঠ ১৪খন ৰাজ্যৰ বাবে কেন্দ্রই মুঠ ৬,১৯৫.০৮ কোটি টকা মোকোলাই দিয়ে৷
ক’ৰোনাক বিপর্যয় আখ্যা দি এই ধনৰাশি ৰাজ্যসমূহক অতিমাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত যথেষ্ট সহায় কৰিব বুলি কেন্দ্রীয় বিত্ত মন্ত্রালয়ে এক বিবৃতিযোগে আশা প্রকাশ কৰিছে৷ উল্লেখ্য যে পঞ্চদশ বিত্তীয় আয়োগৰ পৰামর্শমর্মে বছৰৰ এপ্রিল মাহৰ পৰা ৰাজহ ঘাটি অনুদান শিতানৰ মাহেকীয়া কিস্তি হিচাপে কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহক এই ধনৰাশি আগবঢ়াই আহিছে৷
কেন্দ্রৰ এই অনুদানে অসমকে ধৰি অন্যান্য ৰাজ্যসমূহক ক’ভিড–১৯ নিৰাময়ৰ বাবে প্রতিৰোধমূলক তথা প্রশমনৰ ব্যৱস্থা গ্রহণত সহায় কৰিব বুলি চৰকাৰী বিবৃতিটোত প্রকাশ পাইছে৷