ক’ৰোনাৰ বিৰুদ্ধে দক্ষতাৰে যুঁজিও শিক্ষকৰ সমস্যা সমাধান কৰিছে ড০ শর্মাই
নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ আগন্তুক স্বাধীনতা দিৱসৰ ভিতৰত ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদ প্রাদেশিকীকৰণ কৰা হ’ব বুলি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা ঘোষণাক আদৰণি জনাইছে বিভিন্ন শিক্ষক সংগঠনে৷ ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে দিনে–নিশাই যুঁজ অব্যাহত ৰখাৰ মাজতে মন্ত্রী ড০ শর্মাই নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি পদ প্রাদেশিকীকৰণৰ বাবে লোৱা পদক্ষেপত শিক্ষক সংগঠনসমূহে সন্তুষ্টি প্রকাশ কৰিছে৷ এই গুৰুত্বপূর্ণ সিদ্ধান্তৰ বাবে মন্ত্রী ড০ শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে অসম শিক্ষক–কর্মচাৰী ঐক্যমঞ্চই৷ এক বিবৃতিত ঐক্যমঞ্চৰ সভাপতি কুশল কুমাৰ হালৈ আৰু সাধাৰণ সম্পাদক ভুবনেশ্বৰ লহকৰে কয়– ‘বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনাৰ সংক্রমণে ৰাজ্যতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ এই মহামাৰীৰ ভয়াৱহ সংক্রমণ প্রতিৰোধৰ বাবে দক্ষতাৰে যুঁজ দি থকা স্বাস্থ্য তথা শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিক্ষক সমাজৰ সমস্যাও সমাধান কৰিছে৷ এনে প্রতিকূলতাৰ মাজত ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্রাদেশিকীকৰণৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰাত তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷’
একে সময়তে শিক্ষক–কর্মচাৰী ঐক্যমঞ্চই চলিত বর্ষতে সর্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত কর্মৰত সকলো শিক্ষক–কর্মচাৰীৰ পদ প্রাদেশিকীকৰণৰ বাবে দাবী উত্থাপন কৰিছে৷ এক বিবৃতিত ঐক্যমঞ্চই কয় যে প্রাদেশিকীকৰণ আইন–২০১৭ আৰু সংশোধনী–২০১৮ মর্মে বিগত বাজেট অধিৱেশনত ৩০খন স্নাতক মহাবিদ্যালয়, ১৫৪খন কনিষ্ঠ মহাবিদ্যালয়, ১১৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৩৫৮খন হাইস্কুল, ২,২৯৮খন উচ্চ প্রাথমিক বিদ্যালয় আৰু ২,৬৯৫খন নিম্ন প্রাথমিক বিদ্যালয়কে ধৰি মুঠ ৫,৬৫১খন আৰু ইয়াৰ ২০,২৮৮গৰাকী শিক্ষকৰ পদ প্রাদেশিকীকৰণৰ কথা ঘোষণা কৰি ইয়াৰ বাবদ ৩৭২ কোটি টকা বাজেটত ধার্য কৰিছিল৷ উক্ত শিক্ষানুষ্ঠানসমূহৰ পৰা ৩০খন স্নাতক মহাবিদ্যালয়, ১৪৯খন কনিষ্ঠ মহাবিদ্যালয়, ৯খন পূর্বে প্রাদেশিকীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শাখাসমূহ আৰু ১৯৭খন হাইস্কুলকে ধৰি ৩৮৪খন শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ ঘোষণা কৰাৰ পিছত অধিকাংশ শিক্ষানুষ্ঠান ঘোষণা কৰিব থাকি যোৱাত একাংশ শিক্ষক হতাশ হৈ পৰিছে৷
বিশেষকৈ ১০৫খন উচ্চতৰ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ স্বীকৃতিৰ অজুহাতত বিভাগীয় ৰঙাফিতাৰ মেৰপেঁচত সোমাই পৰাত নির্দিষ্ট সময়ত প্রাদেশিকীকৰণৰ ঘোষণাৰ পৰা বঞ্চিত হ’ল৷ উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়সমূহৰ পুনৰীক্ষণৰ কাম সম্পূর্ণ কৰি জিলা বাছনি সমিতিৰ তৰফৰ পৰা ২০১৯ চনৰ নৱেম্বৰ মাহতে ৰাজ্যিক বাছনি সমিতিৰ ওচৰত দাখিল কৰাৰ পিছতো ক্ষেত্র পৰিদর্শনৰ অজুহাতত পুনৰ শিক্ষানুষ্ঠানসমূহ ৰঙাফিতাৰ মেৰপেঁচত সোমাই থাকিল৷ সেয়েহে অসমৰ সর্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত কর্মৰত শিক্ষক–কর্মচাৰীৰ হৈ অসম শিক্ষক–কর্মচাৰী ঐক্যমঞ্চই চলিত বর্ষতে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ সকলো সমস্যা দূৰ কৰাৰ লগতে বিনাবেতনে অৱসৰগ্রহণ কৰা শিক্ষক–কর্মচাৰী আৰু কর্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক–কর্মচাৰীৰ পৰিয়ালক এককালীন সাহায্য প্রদান কৰাৰ বাবে দাবী জনায়৷