নিয়মীয়া বাৰ্তা, ১ মেঃ বঙাইগাঁৱৰ মিনা বিশ্বকর্মা নামৰ ক’ভিড–১৯ আক্রান্ত মহিলাগৰাকীৰ সান্নিধ্যলৈ অহা সৰভোগৰ ৬ পুৰুষ–মহিলাক সন্ধিয়া ৮ বজাত এম্বুলেন্সযোগে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ কোৱাৰেণ্টাইনৰ বাবে প্রেৰণ কৰা হয় ৷ উল্লেখ্য যে যোৱা ২৭ এপ্রিলত সৰভোগৰ ভাৰতীয় ষ্টেট বেংক শাখালৈ নিজৰ একাউণ্টৰ পৰা টকা উলিয়াব আহিছিল মিনা বিশ্বকর্মা ৷ সেই সময়তে মিনা বিশ্বকর্মাৰ সংস্পর্শলৈ আহে বেংকটোৰ কেছিয়াৰ নাৰায়ণ পাঠক আৰু সহকাৰী প্রৱন্ধক চানথামা বি ৷ চানথামা বিৰ স্বামী হৈছে স্বৰূপ দে৷ এই তিনিওজনকে বৃহস্পতিবাৰে কোৱেৰেণ্টাইন কৰা হৈছে ৷ ইপিনে, মিনা বিশ্বকর্মাই সৰভোগৰ ৰে’লৱে ক’লনিত থকা সম্পর্কীয় শিবু দেৰ ঘৰলৈও আহিছিল ৷ বৃহস্পতিবাৰে শিবু দেৰ লগতে পত্নী দুর্গা ছেত্রী আৰু জীয়ৰী সুমিতা দেকো কোৱাৰেণ্টাইনলৈ প্রেৰণ কৰা হৈছে ৷