নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংকঃ মাজুলীলৈ বহিঃৰাজ্যৰ পৰা অহা যুৱকৰ বিশেষ স্বাস্থ্য পৰীক্ষা

নিয়মীয়া বার্তা, ২৩ মার্চঃ মাজুলীবাসীক সজাগ–সচেতন কৰাৰ স্বার্থত দ্বীপ জিলাখনৰ প্রশাসনযন্ত্র তথা সংশ্লিষ্ট বিভাগকে ধৰি সচেতন ব্যক্তি, সংবাদকর্মী আদি সকলোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে ৷ শেহতীয়াকৈ দেশৰ বিভিন্ন ৰাজ্যত কর্মৰত মাজুলীৰ যুৱকসকল মাজুলীলৈ ঘূৰি অহাত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাকে ধৰি ১৪ দিনৰ কাৰণে নিজ নিজ গৃহত আবদ্ধ কৰি পর্যবেক্ষণত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্রশাসনে ৷ বহিঃ ৰাজ্যত কর্মৰত একাংশ যুৱক বিভিন্ন জলপথ আৰু স্থলপথেৰে মাজুলীৰ নিজ গৃহত উপস্থিত হৈছে যদিও জিলা প্রশাসন স্বাস্থ্য বিভাগৰ হাতত সেইসকলৰ তথ্য নথকাৰ বাবে চিনাক্তকৰণৰ ক্ষেত্রত বহু অসুবিধাৰ সৃষ্টি হৈছে ৷ কিন্তু এইক্ষেত্রত একাংশ সংবাদকর্মীয়ে বিভিন্ন সূত্রৰ পৰা তথ্য সংগ্রহ কৰি যাৱতীয় ব্যৱস্থাৰ বাবে পোনপটীয়াকৈ মাজুলীৰ উপায়ুক্তক যোগান ধৰাৰ উপৰি বিভিন্ন দল–সংগঠনৰ কর্মী তথা সচেতন যুৱকেও বহিঃৰাজ্যৰ পৰা অহা যুৱকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰিব পৰাকৈ সহযোগিতা আগবঢ়াইছে৷ এইক্ষেত্রত মাজুলীৰ জেংৰাইমুখৰ সমাজ সচেতক তথা সংবাদকর্মী ৰাজীৱ পাতিৰে ক’ৰোনা ভাইৰাছৰ পৰা মাজুলীক বচাই ৰখাৰবাবে সজাগতা সৃষ্টি কৰি বহিঃ ৰাজ্যৰ পৰা নিজ ঘৰলৈ অহা ভালেসংখ্যাক লোকৰ নাম–তালিকা প্রস্তুত কৰি মাজুলী প্রশাসনক দি যুৱকসকলৰ ওপৰত দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাইছে৷ জিলা প্রশাসনে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰি যুৱকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ১৪ দিনৰ বাবে নিজ নিজ গৃহত আবদ্ধ কৰি নিৰীক্ষণত ৰখাৰ ব্যৱস্থা কৰা বুলি সংবাদকর্মীজনে জানিবলৈ দিয়ে৷ মাজুলীলৈ বহিঃৰাজ্যৰ পৰা অহা প্রতিজন লোকৰ খবৰ গোপনে নাৰাখি গাঁওৰক্ষী বাহিনী, গাঁওবুঢ়া, আশাকর্মী, এম পি ডব্লিউ, স্থানীয় সংবাদকর্মী অথবা জিলা প্রশাসনক পৰিয়ালে তাৎক্ষণিকভাৱে সঠিক পৰিচয় যোগান ধৰাটো বর্তমান সময়ত গুৰুত্বপূর্ণ বিষয় হিচাপে চিহ্ণিত হৈছে৷ সংবাদিক ৰাজীৱ পাতিৰে জিলা প্রশাসনক যোগান ধৰা তথ্য অনুসৰি জেংৰাই গাঁওৰ বাপুৰাম পেগু, নামনি বৰপমূৱাৰ বিতোপন দলে, নাক দলে, জেংৰাই ঠেকেৰাগুৰিৰ নাৰায়ণ পেগু, ৰমেশ পেগু, শুৱনি জকাইবোৱাৰ মণিকান্ত পগাগ, প্রশান্ত দাও, উজনি জকাইবোৱাৰ টানি দাও, বব দাও, ভাইটি কামন, বগেনচুক বম্বলা মিলি, কলিতা পাৰা মিচিঙৰ মুইধৰ নৰহ, দেৱ নৰহ, উজনি মাজুলী লাচনগাঁওৰ ৰামচৰণ গাম, নামনি জকাইবোৱাৰ দেৱীৰাম নৰহ, দেৱান পগাগ, কৃষ্ণকান্ত পগাগ, বৃদ্ধেশ্বৰ পগাগ, নাগনচুকৰ লক্ষ্য নৰহ, ৰতনী মিৰিৰ কেশৱ দলে আৰু নামনি চেৰেপাইৰ বতে ছেত্রী বহিঃ ৰাজ্যৰ পৰা আহিছে৷ বতে ছেত্রী বর্তমান পানীলগা জ্বৰ–কাঁহত ভুগি থকা বুলি জানিব পৰা গৈছে৷ বিভিন্ন সূত্রৰ পৰা সংগ্রহ কৰি পোৱা এই তথ্যবোৰ ইতিমধ্যে মাজুলীৰ উপায়ুক্তক প্রদান কৰিছে ৰাজীৱ পাতিৰে৷ দ্বীপ জিলাখনৰ উপায়ুক্ত বিক্রম কৈৰীয়ে তৎপৰতাৰে এই সকলো লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে স্বাস্থ্য বিভাগে ১৪ দিনৰ বাবে নিজ ঘৰতে নিৰীক্ষণত ৰাখিছে যুৱকসকলক৷ সংবাদিক ৰাজীৱ পাতিৰৰ এই কার্যৰ শলাগ লৈছে বিভিন্ন মহলে ৷

You might also like