নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা আতংক! কাজিৰঙা উৎসৱ ২০২০ বাতিল

নিয়মীয়া বাৰ্তা ৭ মাৰ্চঃ অহা ১২,১৩,১৪ আৰু ১৫ মাৰ্চ তাৰিখে কাজিৰঙাত অনুষ্ঠিত হ’বলগীয়া “কাজিৰঙা উৎসৱ ২০২০” ৰ সমুহ কাৰ্য্যসূচী বাতিল ৷
বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্থানীয় ৰাইজ ,কৃষি আৰু উদ্যান শস্য বিভাগৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটো দ্বিতীয়বাৰৰ বাবে বাতিল ৷
কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধিসূচনা জাৰিৰ পাছতেই এই সিদ্ধান্ত বোকাখাত মহকুমা প্ৰশাসনৰ ৷
জনসমাগমৰ পৰা আতৰি থকাৰ নিৰ্দেশ অহাৰ বাবেই অনুষ্ঠানৰ সকলো কাৰ্য্যসূচী বাতিল ৷
কাজিৰঙাত ক’ৰোণা ভাইৰাচক লৈ কোনোধৰণৰ আতংকৰ সৃষ্টি হোৱা নাই ৷

ক’ৰোণা ভাইৰাচক লৈ কাজিৰঙাত চলিছে ভূৱা অপপ্ৰচাৰ
বোকাখাত মহকুমা প্ৰশাসনৰ অনুৰোধ জনসাধাৰণক ভুৱা অপপ্ৰচাৰত ভুল নাযাব ৷ উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটো জানুৱাৰী মাহৰ ৫,৬,আৰু ৭ জানুৱাৰীত হোৱাৰ কথা আছিল যদিও সংশোধিত নাগৰিকত্ব আইন বিৰোধী প্ৰতিবাদৰ ফলত বাতিল হৈছিল কাজিৰঙা মহোৎসৱৰ কাৰ্য্যসূচী ৷

You might also like