নিয়মীয়া বাৰ্তা, ২৪ মার্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণে ত্রাস সৃষ্টি কৰাৰ লগতে ভাৰততো এই মহামাৰী ৰূপী ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাই অহাত অসমত ইয়াৰ প্রতিৰোধৰ বাবে যুদ্ধকালীন তৎপৰতাৰে নামি পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ এই প্রতিৰোধ অভিযানক সন্মুখৰ পৰা নেতৃত্ব প্রদান কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ বিৰামহীনভাৱে মন্ত্রীজনে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চিকিৎসা মহাবিদ্যালয়ে মহাবিদ্যালয়ে, চিকিৎসালয়ে চিকিৎসালয়ে নিজে নিৰীক্ষণ কৰিছে প্রতিৰোধমূলক সমস্ত ব্যৱস্থাৱলী ৷ সহযোগ কৰিছে ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই ৷ দুয়োজন মন্ত্রীয়ে বিমানবন্দৰৰ পৰা ৰে’ল ষ্টেচনলৈ, চিকিৎসালয়ৰ ৱার্ডৰ পৰা আই চি ইউ কক্ষলৈ সকলো নিজে পৰিদর্শন কৰিছে ৷ চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, বিশেষজ্ঞ চিকিৎসকৰ পৰা স্বাস্থ্যকর্মীলৈ সকলোৰে সৈতে আলোচনাত মিলিত হৈছে ৷ আনকি ঔষধ আৰু চিকিৎসা সামগ্রীৰ যোগনীয়াৰসকলৰ সৈতেও বহিছে বৈঠকত ৷ সোমবাৰে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেজপুৰ আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদর্শন কৰাৰ উপৰি ক’ৰোনাৰ বাবে বিশেষভাৱে প্রস্তুত কৰা সোণাপুৰ চিকিৎসালয়ৰ ব্যৱস্থাৱলীও নিৰীক্ষণ কৰে ৷ লগতে গুৱাহাটীত সম্বোধন কৰে এখন সংবাদ মেল ৷ বিশ্রামহীনভাৱে মন্ত্রী ড০ শর্মাই সহযোগী মন্ত্রী পীয়ূষ হাজৰিকাৰ সৈতে অব্যাহত ৰাখিছে যুদ্ধকালীন তৎপৰতা ৷ মন্ত্রীদ্বয়ৰ এনে তৎপৰতাই চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলক বিশেষভাৱে কর্ম দায়বদ্ধ কৰি তুলিছে ৷