নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছত আক্রান্তৰ সন্দেহত এজন জাপানী পর্যটক মাটিয়াত আবদ্ধ

নিয়মীয়া বার্তা, ১৮ মাৰ্চঃ গোৱালপাৰা জিলাৰ মাটিয়াত মঙলবাৰে এগৰাকী বিদেশী পর্যটকক ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ সন্দেহত মাটিয়া আৰক্ষীয়ে মাটিয়া মিনা কেবিনৰ পৰা আটক কৰি মাটিয়া আদর্শ চিকিৎসালয়লৈ প্রেৰণ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনা সম্পর্কে জানিব পৰা মতে, মাটিয়া মিনা কেবিনত বিদেশী পর্যটকজনে চাহ মিঠাই খোৱাৰ পিছত অন্তর্ধান হোৱাত মিনা কেবিনৰ কর্তৃপক্ষই পর্যটকৰ চাইকেলখনত থকা বয়–বস্তুসমূহ লক্ষ্য কৰি ততালিকে মাটিয়া আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীৰ দলে পর্যটকজনক আটক কৰি থানালৈ নিয়ে ৷ জাপানৰ পৰা অহা খুজিমটো ওৰফে টাটচুহিকো (৩৩) বুলি চিনাক্ত কৰা হৈছে পর্যটকজনক ৷ বর্তমান বিদেশীজনক মাটিয়া আদর্শ চিকিৎসালয়ৰ আছুতীয়া কোঠাত মাটিয়া থানাৰ তত্ত্বাৱধানত ৰখা হৈছে ৷

You might also like