ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে সতর্কতামূলক ব্যৱস্থা গ্রহণ অসম আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণত গুৰুত্ব দি প্রচাৰ অভিযান চলাইছে আৰক্ষী বিভাগে৷ ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি ইয়াৰ প্রাদুর্ভাৱ ৰোধ কৰিবৰ বাবে স্বাস্থ্য বিভাগে প্রচাৰ কৰা নির্দেশনা আৰক্ষীৰ লোকসকলক মানি চলি সতর্কতা গ্রহণ কৰিবলৈ বিশেষভাৱে কোৱা হৈছে৷
গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই দেওবাৰে সংবাদ মাধ্যমক জনোৱা মতে, ক’ৰোনা ভাইৰাছে যাতে সংক্রমণ কৰিব নোৱাৰে, তাৰ বাবে আৰক্ষী বিষয়া–কর্মচাৰীসক মাজত স্বাস্থ্য বিভাগে প্রচাৰ কৰা নির্দেশনাসমূহ বিতৰণ কৰা হৈছে৷ যাতে আৰক্ষী বিভাগৰ লোকসকলেও ক’ৰোনা ভাইৰাছ সংক্রমণৰ পৰা ৰক্ষা পাবলৈ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰে৷ বিশেষকৈ জনসমাগম হোৱা স্থানৰ পৰা আৰক্ষীৰ লোকসকলক আঁতৰি থাকিবলৈ কোৱা হৈছে৷ তদুপৰি সঘনাই চাবোনেৰে হাত ধোৱাৰ অভ্যাস কৰি পৰিষ্কাৰকৈ থকাৰ লগতে এলক’হলযুক্ত ছেনিটাইজাৰ ব্যৱহাৰ আদিকে ধৰি ক’ৰোনা ভাইৰাছৰ পৰা সংক্রমণমুক্ত হৈ থাকিবলৈ স্বাস্থ্য বিভাগে প্রচাৰ কৰা নির্দেশনা অনুসৰি সাৱধানতা অৱলম্বন কৰি সুৰক্ষিত হৈ থাকিবলৈ কোৱা হৈছে৷