নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সন্দেহত মৰিগাঁৱৰ এজন যুৱকক ভৰ্তি কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । কেৰালাৰ পৰা গুৱাহাটীলৈ আহি থকা যুৱকজন গুৱাহাটী বিমানবন্দৰতে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।
সম্প্ৰতি আইচুলেশ্বন ৱাৰ্ডত ৰখা হৈছে এইজন যুৱকক । ইতিমধ্যে পৰীক্ষাৰ বাবে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে যুৱকজনৰ পৰা ।