নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা ভাইৰাছ কঢ়িওৱাৰ অপবাদঃ বাগানপাৰাত যুৱকৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ বাগ্সাৰ বিচাৰপুৰত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি উঠা অভিযোগৰ বাবেই এজন যুৱকে আত্মহত্যা কৰাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । যুৱকজনে ১৭ মাৰ্চত বেংগালুৰুৰ পৰা ঘৰলৈ আহিছিল । আত্মহত্যা কৰা যুৱকজনৰ নাম ফিলিপ মুণ্ডা । জানিব পৰা মতে, বাগ্সা জিলাৰ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত বিচাৰপুৰৰ ফিলিপে বেংগালুৰুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিছিল । যুৱকজনে ঘৰলৈ আহি মুছলপুৰত ডা০ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত নিজৰ স্বাস্থ্য পৰীক্ষাও কৰিছিল । আনকি দ্বিতীয়বাৰলৈ মেডিকেল চেকআপ কৰাৰ কথা কৈছিল আত্মহত্যা কৰা ফিলিপে । পিছে গাঁওখনলৈ উভতি অহা যুৱকজনক গাঁৱৰে একাংশ লোকে ঠাট্টা-মস্কৰা কৰি আহিছিল । আনকি গাঁওখনলৈ ফিলিপে ক’ৰোনা ভাইৰাছ লৈ অহা বুলিও একাংশই কটু মন্তব্য কৰিছিল ।

যাৰ বাবে হতাশ হৈ পৰিছিল ফিলিপ । অৱশেষত মিছা অপবাদৰ বাবেই নিশা ঘৰৰ চৌহদত চিপ লৈ আত্মহত্যা কৰে যুৱকজনে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে । একাংশ কাণ্ডজ্ঞানহীন লোকৰ ঠাট্টা-মস্কৰাৰ বাবে এজন যুৱকে আত্মহনন কৰা ঘটনাই অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

You might also like