নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা যুঁজৰ বাবে চৰকাৰৰ সিদ্ধান্তক শলাগিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে

নিয়মীয়া বাৰ্তা ২৭ মাৰ্চঃ ক’ৰোনা প্ৰতিৰোধ ৰ বাবে অসম চৰকাৰে যি সমূহ পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপ সমূহক শলাগ লৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈয়ে। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কেৱল নগতে নহয় চাহবাগিচা আৰু চৰ অঞ্চলতো চেনিটাইজেচনৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে ঘোষণা কৰে যে তেওঁ নিজৰ সমষ্টি তিতাবৰত চেনিটাইজেচন কৰাৰ বাবে এক লাখ টকা জিলা উপাযুক্তক দিব । আনহাতে এই লক ডাউনৰ সময়ত যাতে বিভিন্ন বজাৰত ভিৰ কৰা ঘটনা আৰু যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা লবলৈও চৰকাৰক আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

You might also like