খাম্ফা বৰগয়াৰীৰ পত্নীৰ মৃত্যু
নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ পত্নী ৰশ্মি বৰগয়াৰী (৪৭)ৰ মঙলবাৰে পুৱা মৃত্যু হোৱাৰ বাতৰিয়ে সমগ্র চহৰ খনত গভীৰ শোকৰ ছাঁ পেলায়৷ কোকৰাঝাৰ জিলাৰ পাটগাঁৱৰ ওচৰৰ হাব্রুবাৰীৰ নিৱাসী দধীৰাম বসুমতাৰী আৰু ওৱাশ্রী বসুমতাৰীৰ কন্যা ৰশ্মি বৰগয়াৰী ২০০১ চনৰ দুই ফেব্রুৱাৰীত খাম্ফা বৰগয়াৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ কোকৰাঝাৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়তো কিছুদিন শিক্ষকতা কৰিছিল যদিও শাৰীৰিক অসুস্থতাৰ কাৰণে পাছত এৰি দিয়ে৷ দীর্ঘদিন ধৰি কর্কট ৰোগত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা ৰশ্মি যোৱা আঠ ফেব্রুৱাৰীৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ নার্ছিং হোমৰ আই চি ইউত থকাৰ পাছত আজি পুৱা ৫.৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত এজন ল’ৰা (১৩), এগৰাকী ছোৱালী (১১), স্বামী, পিতৃ–মাতৃসহ আত্মীয়, শুভাকাংক্ষীক এৰি থৈ যায়৷ কোকৰাঝাৰৰ নিজা বাসগৃহত মৃতদেহ আহি পোৱাৰ পাছত বিভিন্ন দল, সংগঠন আৰু অগণন গুণমুগ্ধই শ্রদ্ধাঞ্জলি জনায়৷ জিলা উপায়ুক্ত পার্থপ্রতিম মজুমদাৰ, আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন, আই জি পি অনুৰাগ আগৰৱালা, বিটিএডি সচিবালয়ৰ বিষয়া–কর্মচাৰী বৃন্দ, কেইবাগৰাকী কার্যবাহী সদস্যই শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পিছতে খাম্ফা বৰগয়াৰীৰ নিজা গাঁও চিৰাং জিলাৰ ৰুণীখাটাৰ বাশবাৰীত অগণন ৰাইজৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়৷