নিয়মীয়া বার্তা, ৫ মে’ : আৰম্ভ হৈছে লকডাউনৰ তৃতীয়টো পর্যায় ৷ উল্লেখ্য যে বিগত ২৪ মার্চৰ পৰা ১৪ এপ্রিললৈ প্রথম পর্যায়ত দেশজুৰি ২১ দিনৰ বাবে লকডাউন পালন হোৱাৰ পিছত ১৫ এপ্রিলৰ পৰা ৩ মে’লৈ চলিছিল দ্বিতীয় পর্যায়ৰ লকডাউন ৷ নিৰৱচিছন্নভাৱে চলি থকা লকডাউনৰ এই দীঘলীয়া সময়ছোৱাত ধুবুৰীৰ পদপথৰ চাহৰ দোকান, ৰিক্সা–চাইকেলৰ মেৰামতিকে ধৰি সৰু–সুৰা পাণৰ দোকান দি সামান্য উপার্জনেৰে চলা বহু দৰিদ্র পৰিয়ালৰ দৈনিক কর্মসংস্থাপনৰ পথ বন্ধ হৈ পৰাৰ ফলত এক হাহাকৰময় পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ চহৰখনৰ সৰু–সুৰা পাণ দোকানীসকলৰ একাংশৰ বাস্তৱ চিত্রটো উদঙাই দিছে সত্তৰ ঊর্ধ্বৰ এগৰাকী পাণ দোকানীয়ে ৷
ধুবুৰীৰ ১নং ৱার্ডৰ ষ্টেট বেংকৰ সমীপত সৰু এখন পাণৰ দোকান আছে মিলা ৰায় নামৰ সেই বৃদ্ধাগৰাকীৰ ৷ বহু বছৰৰ পৰাই সেই দোকানখনৰ পৰা দৈনিক অর্জা ধনেৰেই টানি–টুনি চলি আহিছে আইতাগৰাকী ৷ বহু বছৰ পূর্বে স্বামীৰ মৃত্যুৰ পিছত বর্তমানে চহৰখনৰ ৩নং বালুৰচৰৰ নিজৰ ভতিজীৰ ঘৰত বাস কৰে সন্তানহীন এই মহিলাগৰাকীয়ে ৷ কিন্তু লকডাউনৰ বাবে নিজৰ সৰু পাণ দোকানখন খুলিব নোৱাৰি এতিয়া চিন্তাক্লিষ্ট আইতাগৰাকী ৷ ‘দোকান বন্ধ ৷ জমা পইচাও ইমান নাই ৷ আগতে দুপৰীয়া কাষৰ দোকানখনতে চাহ–ৰুটী–ভাত খাইছিলোঁ ৷ নিশা ঘৰত ৷ থাকিলোৱেবা আত্মীয়ৰ ঘৰত ৷ তেওঁলোকৰ ওপৰত বহি খাব পাৰি নেকি ?’ –এইদৰেই আক্ষেপ কৰে মিলা আইতাই৷ ইফালে লকডাউনৰ সময়ত কিবা চৰকাৰী সামগ্রী পালে নে নাই বুলি সোধা এক প্রশ্নৰ উত্তৰত চৰকাৰী মেৰপেঁচ নুবুজা বৃদ্ধা পাণ দোকানীগৰাকীৰ সৰল স্বীকাৰোক্তি– ‘মই ১নম্বৰ ৱার্ডত ভোট দিওঁ ৷ কিন্তু থাকোঁ এতিয়া ৩নং ৱার্ডৰ আত্মীয়ৰ ঘৰত ৷ সেয়ে একো পোৱা নাই ৷ ১নং ৱার্ডত থাকিলে খাটাং পালোঁ হয় ৷’ ফলত স্বাভাৱিকভাৱেই লকডাউনৰ সময়ত দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালবোৰক সকাহ দিয়াৰ বাবে চৰকাৰে আবণ্টন দিয়া সাহায্য সামগ্রীসমূহ সঠিক পৰিমাণে তেনে দৰিদ্র পৰিয়ালৰ প্রতিগৰাকী সদস্যই ঢুকি পাইছেনে নাই বুলি এক প্রশ্নও উত্থাপন হৈছে স্থানীয় একাংশ মহলত ৷