নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ সম্প্রতি ৰেড জ’নত অন্তর্ভুক্ত নলবাৰী জিলাত প্রথম পর্যায়ত ১,১৮৬জন লোকক হোম কোৱাৰেণ্টাইন কৰা হৈছিল ৷ ইয়াৰে ১,১৫৮জনক ১৪ দিনৰ পিছত মুকলি কৰি দিয়া হৈছে ৷ সম্প্রতি হোম কোৱাৰেণ্টাইনত আছে ২৮জন লোক ৷ লকডাউনৰ সময়ত ২৪ মার্চৰ পৰা ৰাজ্যখনলৈ ২৮০খন মালবাহী ৰে’লেৰে খাদ্য সামগ্রী কঢ়িয়াই অনা হয় ৷ এই খাদ্য সামগ্রী ৰাজ্যৰ পৰিবহণ বিভাগৰ অধীনত সহস্রাধিক ট্ৰাকে বিভিন্ন জিলাৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহলৈ কঢ়িয়াই নিয়াত সহায় কৰে ৷ এইক্ষেত্রত প্রতিদিনে ১,১০০ শ্রমিক নিয়োজিত হৈছে ৷ সোমবাৰে সন্ধিয়া নলবাৰী উপায়ুক্ত কার্যালয় চৌহদত আয়োজন কৰা এখন সংবাদ মেলত ৰাজ্যৰ পৰিবহণ, উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই কথা প্রকাশ কৰে ৷ সংবাদ মেলত কৃষিমন্ত্রী অতুল বৰাই খেতিপথাৰত কৃষকে এতিয়াৰে পৰা খেতি কৰিব পাৰিব বুলি উল্লেখ কৰে ৷ মন্ত্রীগৰাকীয়ে কৃষকে ট্ৰেক্টৰ ব্যৱহাৰ কৰাত বাধা নাই বুলিও সাংবাদিকক জানিবলৈ দিয়ে ৷ সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত মন্ত্রী বৰাই কৃষকে উৎপাদিত ফচল বিক্রী কৰাত অসুবিধাৰ সৃষ্টি হোৱা বুলি স্বীকাৰ কৰে ৷ লগতে শাক–পাচলিৰ পৰা ভাইৰাছ সংক্রমণ হোৱাৰ সম্ভাৱনা নাই বুলি দোহাৰে ৷ তথাপি শাক–পাচলি গৰম পানীৰে ধুইহে ব্যৱহাৰ কৰিবলৈ মন্ত্রীগৰাকীয়ে পৰামর্শ আগবঢ়ায় ৷ সংবাদ মেলত উপস্থিত থাকে বিধায়কদ্বয় অশোক শর্মা, নাৰায়ণ ডেকা ৷ ইয়াৰ পূর্বে মন্ত্রী দুগৰাকীয়ে উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত কৰা পর্যালোচনা বৈঠকত অংশ লয় ৷