নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াৰ সফল সামৰণি, নিজম পৰিল গুৱাহাটী

দুসপ্তাহ ধৰি দেশৰ যুৱ ক্রীড়া প্রতিভাৰ চমকে আনিলে আশাৰ বতৰা : অন্তিম দিনা সৰুসজাইত বর্ণিল অনুষ্ঠান

নিয়মীয়া বাৰ্তা,২৩ জানুৱাৰীঃ দেশৰ যুৱ প্রতিভাসমূহক চিনাক্ত কৰি আগুৱাই নিয়াৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে অনুষ্ঠিত কৰা তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছৰ বুধবাৰে সফলভাৱে সামৰণি পৰে ৷ যোৱা ১০ জানুৱাৰীৰ পৰা ৰাজধানী চহৰ গুৱাহাটীত আৰম্ভ হোৱা এই বর্ণাঢ্য ক্রীড়া প্রতিযোগিতাখনৰ সামৰণী অনুষ্ঠান সৰুসজাই ক্রীড়া প্রকল্পৰ কর্মবীৰ নবীন চন্দ্র বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ৷ ইয়াৰ লগে লগে বিগত ১৩ দিন ধৰি দেশৰ ভিন্ন প্রান্তৰ পৰা অহা ক্রীড়াবিদ, ক্রীড়া সংগঠকৰে গিজগিজাই থকা গুৱাহাটী নিজম পৰিল ৷ বিগত দিনকেইটাত ক্রীড়াৰ মাজেৰে লাভ কৰা মধুৰ অভিজ্ঞতা বুকুত লৈ নিজ ৰাজ্যলৈ ৰাওনা হয় খেলুৱৈসকল ৷ সামৰণী অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে খেলো ইণ্ডিয়াত অংশগ্রহণ কৰা দেশৰ ভিন্ন প্রান্তৰ প্রতিগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে ৷ খেলো ইণ্ডিয়াৰ জৰিয়তে বিশ্বৰ বুকুত গুৱাহাটীয়ে আন এক সুকীয়া পৰিচয় লাভ কৰিলে বুলি উল্লেখ কৰি তেওঁ কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সদায় কৈ আহিছে যে খেলোগে তো খিলোগে ৷ ফিট ইণ্ডিয়া কার্যসূচীক আগবঢ়াই নিব লাগিব খেলৰ মাজেৰে ৷ যুৱ শক্তিক জগাই তুলিব লাগিব ৷ জীৱনত সফলতা লাভ কৰিবলৈ হ’লে কঠোৰ পৰিশ্রম কৰিব লাগিব ৷ যিসকল খেলুৱৈয়ে পদক লাভ কৰিলে, তেওঁলোকে যথেষ্ট পৰিশ্রম কৰিছে৷ পৰিশ্রমৰ মাধ্যমেৰেহে যে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰি, সেয়া তেওঁলোকে পুনৰ এবাৰ প্রতিষ্ঠা কৰিলে ৷’ ঘৰুৱা ৰাজ্য অসমে প্রদর্শন কৰা উন্নত ফলাফলৰ বাবে খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্রী সোণোৱালে এইবুলিও কয় যে বিগত সময়ছোৱাত ক্রীড়াৰ ক্ষেত্রখনত অসমক আগুৱাই নিবলৈ বিভিন্ন ধৰণে পদক্ষেপ গ্রহণ কৰা হৈছে ৷ গুৱাহাটীত বিভিন্ন আন্তঃৰাষ্ট্রীয় তথা ৰাষ্ট্রীয় খেল সফলতাৰে অনুষ্ঠিত হৈছে৷ খেলৰ জৰিয়তে একতা আৰু বন্ধুত্বৰ ভাব অধিক শক্তিশালী কৰিব লাগিব৷ অলিম্পিকত যাতে ভাৰতে অধিক সফল প্রদর্শন কৰিব পাৰে, সেই উদ্দেশ্য আগত ৰাখিয়েই খেলো ইণ্ডিয়াৰ দৰে কার্যসূচীৰ পোষকতা কৰি আহিছে প্রধানমন্ত্রী মোদীয়ে৷ এই উদ্দেশ্য পূৰণৰ বাবে দেশক অধিক শক্তিশালী কৰিব লাগিব ৷ ইপিনে, সামৰণী অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, গড়কাপ্টানী, ৰূপান্তৰ আৰু উন্নয়ন, শিক্ষা বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিগত তিনিবছৰীয়া কার্যকালত ৰাজ্য চৰকাৰখনে ক্রীড়াক্ষেত্রৰ উন্নয়নৰ বাবে গ্রহণ কৰা বিভিন্ন পদক্ষেপ সন্দর্ভত উল্লেখ কৰে ৷ ১৩ দিনীয়া উৎসাহ–উদ্দীপনাৰ মাজেৰে সফল পৰিসমাপ্তিৰ এক মধুৰ অভিজ্ঞতা লৈ উভতি যোৱাৰ সময় বুলি উল্লেখ কৰি তেওঁ কয়– এই ১৩টা দিনে অসমৰ ৰাইজে আগবঢ়োৱা আতিথ্য, মৰম, চেনেহ লৈ খেলুৱৈসকল উভতি যাব৷ খেলো ইণ্ডিয়া অতি সফলভাৱে অনুষ্ঠিত কৰিব পৰাটো অসমৰ বাবে গৌৰৱৰ বিষয় ৷ বিগত তিনি বছৰত বিভিন্ন ৰাষ্ট্রীয়, আন্তঃৰাষ্ট্রীয় ক্রীড়া প্রতিযোগিতা অসমত অনুষ্ঠিত হৈছে ৷ গুৱাহাটী ক্রীড়াৰ ৰাজধানীলৈ ৰূপান্তৰিত হৈছে ৷ ৰাজ্য চৰকাৰে অসমত এক ক্রীড়াৰ পৰিৱেশ গঢ়ি তোলাৰ বাবে নিৰন্তৰ প্রচেষ্টা অব্যাহত ৰাখিছে ৷ ইয়াৰ ফলস্বৰূপে ডিব্রুগড়ৰ চাবুৱাত এখন ক্রীড়া বিশ্ববিদ্যালয় নির্মাণৰ কাম অতি ক্ষিপ্রতাৰে আগবঢ়াই নিয়া হৈছে ৷ তদুপৰি সৰুসজাই ক্রীড়া প্রকল্পৰ আর্হিত ডিব্রুগড় আৰু উত্তৰ লখিমপুৰত প্রত্যেকতে ২০০ কোটি টকা ব্যয়েৰে ক্রীড়া আন্তঃগাঁথনি নির্মাণৰ কাম আৰম্ভ হৈছে ৷’ একে সময়তে ভাষণত বিত্তমন্ত্রীগৰাকীয়ে কয় যে ৰাজ্যৰ ভিন্ন প্রান্তত ৫২খন ষ্টেডিয়াম নির্মাণৰ বাবে ৫২০ কোটি টকা ধার্য কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ এই প্রচেষ্টাৰ সফল ৰূপ হিমা দাস আৰু শিৱাংগী শর্মাৰ দৰে খেলুৱৈৰ সফলতাও প্রতিফলিত হৈছে ৷

You might also like