নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেল’ ইণ্ডিয়া য়ুথ গেমছৰ স্বেচ্ছাসেৱক সন্মিলনত মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বার্তা, ৯ জানুৱাৰীঃ গুৱাহাটীত ১০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া তৃতীয় খেল’ ইণ্ডিয়া য়ুথ গেমছ–২০২০ৰ স্বেচ্ছাসেৱক সন্মিলনখন বুধবাৰে সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হয়৷ এই সন্মিলনখনত অধ্যক্ষতা কৰি প্রদান কৰা ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই প্রতিযোগিতাখন সর্বতোপ্রকাৰে সফল কৰাৰ দিশত এই ক্রীড়াৰ বাবে নিয়োজিত স্বেচ্ছাসেৱকসকলক তেওঁলোকৰ দায়িত্ব আৰু কর্তব্য নিষ্ঠাসহকাৰে পালন কৰাৰ বাবে আহ্বান জনায়৷

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ৰাইজৰ সহযোগত মিলিত প্রচেষ্টাৰে এই বৃহৎ ক্রীড়া প্রতিযোগিতাখন আয়োজন কৰিছে৷ সেয়েহে এই প্রতিযোগিতাখন সফল ৰূপ দিবৰ বাবে গৃহস্থ হিচাপে অসমে এক বিৰল সুযোগ লাভ কৰিছে৷ সেয়েহে ইয়াত নিয়োজিত স্বেচ্ছাসেৱকে আন্তৰিকতাৰে ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা অহা খেলুৱৈ, কর্মকর্তা, অভিভাৱকসকলক ‘অতিথি দেৱ ভৱঃ’ মানসিকতাৰে আতিথ্য প্রদান কৰিব লাগিব৷ ইয়ালৈ অহা প্রতিগৰাকী খেলুৱৈ তথা কর্মকর্তাই নিজৰ গৃহত থকা বুলি যাতে অনুভৱ কৰিব পাৰে, তাৰ বাবে স্বেচ্ছাসেৱকসকলে আপ্রাণ প্রচেষ্টা কৰিব লাগিব বুলিও উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে ইয়াৰ ক্রীড়াৰ জৰিয়তে অসমৰ সন্মান বৃদ্ধি হ’ব৷ ভাষণৰ মাজতে মুখ্যমন্ত্রীয়ে এই ক্রীড়াৰ বাবে বাছনি কৰা প্রায় ১০০০ স্বেচ্ছাসেৱকৰ প্রতিনিধিক নিজৰ অনুভৱ ব্যক্ত কৰাৰ বাবে সুযোগ প্রদান কৰি তেওঁলোকক যথেষ্ট উৎসাহিত কৰে৷

You might also like