নিয়মীয়া বার্তা, ২২ এপ্রিলঃ ক’ভিড–১৯ৰ আতংকৰ সময়তো ঘৰে ঘৰে বাতৰিকাকত খোজ কাঢ়ি গৈ পুৱা পাঁচ বজাৰ পৰা ছয় বজাৰ ভিতৰত দিয়া লখিমপুৰৰ এগৰাকী ব্যৱসায়ীৰ কথা অঞ্চলটোৰ ৰাইজৰ মাজত চর্চিত হৈছে ৷ ৫৬ বছৰ গৰকা ‘গোবিন দোকানী’ বুলি জনপ্রিয় ব্যৱসায়ীজনৰ ঘৰ হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্রৰ অন্তর্গত চৌদ্ধপুনীয়াত ৷ ১৯৭৭ চনতে ঘৰুৱা আর্থিক দৈন্যৰ বাবেই বিদ্যায়তনিক শিক্ষা সমাপ্ত কৰি পাঁচশ টকা স্থানীয় এজন ব্যক্তিৰ পৰা ধাৰে লৈ গোবিন ভূঞাই অতি সততা আৰু নিষ্ঠাৰে আৰম্ভ কৰে এখনি সৰু দোকান ৷ যিখন দোকান এতিয়া অঞ্চলটোৰ সকলো লোকৰ মুখে মুখে ‘গোবিন ষ্টোৰ’ আৰু ব্যক্তিজন হৈ পৰিল সকলোৰে পৰিচিত ব্যক্তি ‘গোবিন দোকানী’ হিচাপে ৷ পৰিয়ালৰ জ্যেষ্ঠ পুত্র হিচাপে অতি দুখীয়া পিতৃ–মাতৃ, ভাতৃ–ভগ্ণীসহ কেইবাজনীয়া ঘৰখনৰ দায়িত্ব মূৰ পাতি ল’ব লগা হৈছিল গোবিন ভূঞাই ৷
বর্তমানৰ সাতজনীয়া পৰিয়ালটি ক্ষুদ্র ব্যৱসায়ৰ জৰিয়তে কোনোমতে চলাবলৈ সক্ষম হোৱা এই গৰাকী ব্যক্তিয়ে বিগত সময়ত তেওঁৰ দোকানৰ ওচৰতে গাড়ীৰ পৰা বহু মূল্যৰ সামগ্রী কোনোবা অচিন লোকৰ গাড়ীৰ পৰা পৰি যোৱাত তেওঁ আৰক্ষীৰ সহযোগত যোগাযোগ কৰি ওভতাই দিয়া, কেইবাজনো লোকৰ দামী ম’বাইল ফোন দোকানত এৰি যোৱাৰ পিছতো যোগাযোগ কৰি ঘূৰাই দিয়াৰ দৰে বহু ঘটনাৰ নজিৰ কথা স্থানীয় কেইবাজনো লোকে জানিবলৈ দিয়ে ৷ আনকি অঞ্চলটোৰ কোনো লোকৰ বিপদৰ সময়ত এইগৰাকী ব্যক্তিয়ে যিকোনো প্রকাৰে সহায়ৰ হাত আগবঢ়াই আহিছে ৷ পৰিয়ালৰ ঘৰুৱা নিত্য ব্যৱহার্য সামগ্রীৰ লগতে বাতৰিকাকত বিতৰণ কৰি অহা ব্যক্তিগৰাকীয়ে লকডাউনৰ সময়ছোৱাত জনতা কার্ফিড আৰু বাতৰিকাকতত ক’ৰোনা ভাইৰাছ লাগি আহিব পাৰে বুলি মানুহৰ মুখে মুখে অপপ্রচাৰ হোৱাৰ বাবে দুদিন মাত্র বাতৰিকাকত বিতৰণ বন্ধ ৰাখিব লগা হোৱাৰ বিপৰীতে আজিলৈকে অঞ্চলটোৰ মানুহৰ ঘৰে ঘৰে খোজকাঢ়ি গৈয়ে ৰাইজক পঢ়ুৱাই আহিছে ৷ এইগৰাকী ব্যক্তি ডেকা অৱস্থাত বিহু মৰা, ফুটবল–বেডমিণ্টন খেলাৰ ডপৰি এগৰাকী সুদক্ষ খোলবাদক হিচাপেও নাম আছে৷ গাঁৱৰ নামঘৰত ভাওনা পাতিলে তেওঁ খোল বজাব লাগে বাবেই ভাওনাত অভিনয় কৰিবলৈ নোপোৱা বুলি আক্ষেপ প্রকাশ কৰে৷ ডল্লেখ্য, তেওঁৰ ভাতৃ কৃষ ভূঞাই বিগত ১৯৮২ চনতে নাৰায়ণপুৰৰ ধুৱাহাট বেলগুৰি সত্রৰ প্রয়াত সত্রাধিকাৰ ভদ্রকান্ত দেৱগোস্বামীয়ে বায়নৰ নির্মালি প্রদান কৰা এগৰাকী সুদক্ষ বায়ন হিচাপে পৰিচিত ৷