নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰিত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি

নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ কেবক লৈ এতিয়া ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে উত্তপ্ত হৈ পৰিছে গুৱাহাটী । মঙলবাৰৰ পৰা গুৱাহাটী মহানগৰীত প্ৰতিবাদে লৈছে অন্য ৰূপ । সহস্ৰাধিক প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীলাচনা , কন্দুৱা গেছ, শূন্যলৈ গুলীবৰ্ষণ অব্যাহত আছে যদিও প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

আজি দুপৰীয়া জি এছ ৰোডত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ লাঠীচালনা কৰাৰ লগতে গুলীবৰ্ষণ কৰে যদিও তাৰ কিছুসময় পিচতেই পুনৰ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে দিছপুৰলৈ আৰম্ভ কৰে সমদল । সমদলকাৰীয়ে গণেশগুৰিত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীয়ে লাঠীচালনা কৰে যদিও আৰক্ষীলৈ লক্ষ্য কৰি প্ৰতিবাদকাৰীসকলে শিলাবৰ্ষণ কৰে । বহু আৰক্ষীৰ লগতে প্ৰতিবাদকাৰী ইতিমধ্যে আহত হৈছে এই হতাহতিৰ ঘটনাত ।

You might also like