গণৰাজ্য দিৱসঃ অসমৰ প্রতীকপট শ্রেষ্ঠ
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ দেওবাৰে সমগ্ৰ দেশতে পালন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস । লালকিল্লাত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ত্ৰিৰংগা উত্তোলন কৰাৰ পাছত ৰাজপথৰ পৰা লালকিল্লালৈ গণৰাজ্য দিৱস পেৰেড আয়োজন কৰা হয়৷ এই পেৰেডত দেশৰ সামৰিক শক্তি প্রদর্শন কৰাৰ লগতে সাংস্কৃতিক ঐতিহ্য আৰু বিবিধতাৰ প্রতিফলন ঘটে৷
পেৰেডত অসমৰ প্রতীক পটে বিশেষ দৃষ্টি আকর্ষণ কৰে৷ বাঁহ–বেত শিল্পৰ প্রতীক পটটোৰ সমান্তৰালকৈ অসমৰ শিল্পীয়ে পৰিৱেশন কৰা ভোৰতাল নৃত্যই উপস্থিত দর্শকৰ লগতে দেশবাসীক মোহাচ্ছন্ন কৰে৷ দিৱসৰ পেৰেডত অংশগ্রহণ কৰা দেশৰ বিভিন্ন প্রদেশৰ প্রতীকপটৰ ভিতৰত অসমৰ প্রতীকপটটো শ্রেষ্ঠ বিবেচিত হৈছে৷
আনহাতে, দেশৰ প্রতিৰক্ষা মন্ত্রণালয়ৰ এক সূত্র অনুসৰি আজি পুৱা ৯.৩০ বজাত নতুন দিল্লীৰ ঝংকাৰ হলৰ ৰাষ্ট্রীয় ৰংগশলা শিবিৰত প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে এই প্রদান কৰিব৷
আনহাতে, ওড়িশা আৰু উত্তৰ প্রদেশে যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰে বুলি প্রতিৰক্ষা মন্ত্রণালয়ৰ সূত্রটোত প্রকাশ৷