নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণৰাজ্য দিৱসঃ প্রতীকপটত ভোৰতাল নৃত্য বাঁহ–বেতৰ শিল্প

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ অন্যান্য বছৰৰ দৰে এইবাৰো আগন্তুক গণৰাজ্য দিৱসত দেশৰ ৰাজধানী নতুন দিল্লীত আয়োজিত হ’বলগীয়া কেন্দ্রীয় অনুষ্ঠানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমেও প্রতীকপট প্রদর্শনত অংশগ্রহণ কৰিব ৷ গণৰাজ্য দিৱসৰ এক অন্যতম কার্যসূচী হৈছে বিভিন্ন ৰাজ্যৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতি প্রদর্শন ৷ আগন্তুক গণৰাজ্য দিৱসৰ প্রতীকপট প্রদর্শনত ৰাজ্যখনৰ পৰা প্রদর্শিত হ’বলগীয়া প্রতীকপটত আপুৰুগীয়া বাঁহ আৰু বেত শিল্প, হস্ততাঁত আৰু বস্ত্রশিল্প, ভোৰতাল নৃত্য আদিয়ে প্রাধান্য পাব ৷ অসমীয়া শিপিনীয়ে তাঁতশালত যি সপোন ৰচে, সেই সপোনক তুলি ধৰাৰ লগতে অসমীয়া জনজীৱনত বাঁহ, বেতেৰে নির্মিত বিভিন্ন সা–সঁজুলিৰো আর্হি প্রদর্শন কৰা হ’ব ৷ ইয়াৰ উপৰি গণৰাজ্য দিৱসৰ অনুষ্ঠানত অসমীয়া শিল্পীসকলে খোল–তাল সমন্বিতে প্রখ্যাত সত্রীয়া শিল্পী নৰহৰি বুঢ়া ভকতৰ অনুপম সৃষ্টি ভোৰতাল নৃত্য প্রদর্শন কৰিবলৈ প্রস্তুতি চলাইছে ৷

You might also like